Advertisment

মহাৰাষ্ট্ৰ নিৰ্বাচনঃ পত্নীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা স্বামীৰ...

মহাৰাষ্ট্ৰ  নিৰ্বাচনৰ এটা সমষ্টিয়ে সকলোকে আকৰ্ষিত কৰিছে। কিয়নো এই সমষ্টিটোত স্বামীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে পত্নীয়ে। কন্নড় বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হৰ্ষবৰ্ধন যাদৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁৰ পত্নী সঞ্জনা যাদৱে। 

author-image
Asomiya Pratidin
New Update
মহাৰাষ্ট্ৰ

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ  নিৰ্বাচনৰ এটা সমষ্টিয়ে সকলোকে আকৰ্ষিত কৰিছে। কিয়নো এই সমষ্টিটোত স্বামীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে পত্নীয়ে। কন্নড় বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হৰ্ষবৰ্ধন যাদৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁৰ পত্নী সঞ্জনা যাদৱে। 

Advertisment

অতিকৈ ৰোমাঞ্চকৰ এই সমষ্টিটোত পত্নী সঞ্জনা যাদৱে টিকট লাভ কৰিছে শিৱসেনা দলৰ পৰা। উল্লেখ কৰা প্ৰয়োজন যে, সঞ্জনা হৈছে বিজেপিৰ প্ৰাক্তন মন্ত্ৰী ৰাওচাহেব দানৱেৰ জীয়াৰী। 

মহাৰাষ্ট্ৰ নিৰ্বাচনত আন এটা আকৰ্ষণীয় সমষ্টি হৈছে বাৰামতী। বাৰামতীত খুডা়য়েকৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ভতিজা। অজিত পৱাৰৰ বিৰুদ্ধে সমষ্টিটোত এন ছি পিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ভতিজাক যুগেন্দ্ৰ যাদৱে।

এইদৰেই মহাৰাষ্ট্ৰ প্ৰায় কেইটা সমষ্টিত পৰিয়ালকেন্দ্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছে। উল্লেখ্য যে,  

মহাৰাষ্ট্ৰত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আৰু ২৫খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। এই নিৰ্বাচনত মুঠ ৪,১৪০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। 

এই নিৰ্বাচনত বিজেপিয়ে সৰ্বাধিক ১৪৮ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। তাৰ পিছতে আছে কংগ্ৰেছ। কংগ্ৰেছে ১০৩খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ শিৱসেনাই ৮০খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অজিত পাৱাৰৰ এন চি পি দলে ৫৩খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে- ৯.৭ কোটিৰো অধিক। ইয়াৰ ভিতৰত শতায়ু গৰকা ভোটাৰৰ সংখ্যা হৈছে- ৪৭,৩৯২ গৰাকী। একেদৰে যুৱ ভোটাৰৰ সংখ্যা হৈছে- ২২,২২,৭০৪ জন। আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে- ৬,১০১ জন।

ৰাজ্যখনৰ ৭৬ খন আসনত কংগ্ৰেছ আৰু বিজেপিৰ পোনপোটীয়া প্ৰতিদ্বন্দ্বিতা হ’ব। এই সমষ্টি কেইটাত সৰ্বাধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে বিজেপিৰ। মহাৰাষ্ট্ৰ বিজেপিৰ দাবী ৭৬খন আসনৰ ভিতৰত অতি কমেও ৫০ খনতে বিজেপি প্ৰাৰ্থী জয়ী হ’ব।

ইফালে ঝাৰখণ্ড আজি অন্তিম তথা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনত ৩৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। এই ৩৮টা সমষ্টিত ৫২৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনো।  ঝাৰখণ্ডত আজিৰ নিৰ্বাচনত ভোটদান কৰিব ১.২৩কোটি ভোটাৰে। ইয়াৰে ৬০.৭৯লাখ ভোটাৰ হৈছে মহিলা। 

মহাৰাষ্ট্ৰ