/asomiyapratidin/media/media_files/2025/01/20/NykwZm2GYO0w3ROPTI4S.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত চলি আছে মহা কুম্ভ মেলা। এই মহা কুম্ভ মেলাত অংশগ্ৰহণ কৰিবলৈ দেশ, বিদেশৰ লাখ লাখ ভক্তৰ সমাগম ঘটিছে।
সাধু, সন্যাসীৰ পৰা আৰম্ভ কৰি দেশৰ হেভী ৱেইট ৰাজনৈতিক নেতালৈকে সকলোৱে একেলগে স্নান কৰিছে গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলীত। এই সংগমস্থলীলৈ ভক্তসকল যাবলৈ পানীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এক বিশেষ সেতু।
হয়তো আপুনিও এই সেতু মহা কুম্ভ মেলাৰ বিভিন্ন দৃশ্যত ইতিমধ্যে দেখিছে। সাধাৰণ দৃষ্টিত এই সেতুসমূহ তেনেই সাধাৰণ হ'লেও ইয়াৰ আছে বহু বিশেষত্ব আৰু ঐতিহাসিক পটভূমি।
মহা কুম্ভ মেলাৰ বিষয়ে চমুকৈ
তথ্য অনুসৰি প্ৰতি ৩ বছৰৰ মূৰে মূৰে কুম্ভ মেলা, প্ৰতি ৬ বছৰৰ মূৰে মূৰে অৰ্ধ কুম্ভ মেলা, প্ৰতি ১২ বছৰৰ মূৰে মূৰে পূৰ্ণ কুম্ভ মেলা আৰু ১৪৪ বছৰৰ মূৰে মূৰে মহা কুম্ভ মেলা অনুষ্ঠিত হয়। অৱশ্যে ভক্তৰ মাজত পূৰ্ণ কুম্ভ মেলা কুম্ভ মেলা হিচাপেই জনপ্ৰিয়। দেশৰ মুঠ চাৰিটা স্থান ক্ৰমে হৰিদ্বাৰ, প্ৰয়াগৰাজ, নাছিক আৰু উজ্জয়িনীত ১২ বছৰৰ মূৰে মূৰে কুম্ভ মেলা অনুষ্ঠিত কৰা হয়।
৮৫০ বছৰৰো অধিক সময়ৰ ইতিহাসেৰে পৰিপূৰ্ণ মহা কুম্ভ মেলা
জানিব পৰা মতে ৮৫০ বছৰৰো অধিক সময়ৰ পুৰণি ইতিহাসেৰে সমৃদ্ধ মহাকুম্ভ মেলাৰ আৰম্ভণি কৰিছিল শংকৰাচাৰ্যই। পৌৰাণিক কাহিনী অনুসৰি সমুদ্ৰ মন্থনৰ সময়তেই এই মেলাৰ আৰম্ভণি হৈছিল।
দেৱতা আৰু ৰাক্ষসসকলে সাগৰ মন্থন কৰি অমৃত উৎপন্ন কৰি অমৰত্ব লাভ কৰিবলৈ চেষ্টা চলাইছিল। এই সাগৰ মন্থনৰ সময়তে অমৃত্বৰ পূৰ্বে উৎপন্ন হৈছিল বিষ।
এই বিষ দেৱাদিদেৱ মহাদেৱে পান কৰিছিল। বিষ পান কৰাৰ ফলত তেওঁ কণ্ঠ নলী নীলা হৈ পৰিছিল। যাৰ বাবে তেওঁক নীলকণ্ঠ বুলিও কোৱা হয়।
মহাকুম্ভ মেলা আৰু ১২ সংখ্যাৰ প্ৰভাৱ
পৌৰাণিক আখ্যান অনুসৰি দেৱতা আৰু অসুৰৰ মাজত মুঠ ১২ দিন সাগৰ মন্থন হৈছিল। অৱশ্যে মানৱ জাতিৰ বাবে দেৱতাৰ এই ১২ দিনক ১২ বছৰৰ সমান বুলি গণ্য কৰা হয়।
কুম্ভ মেলাও ১২ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হয়। ১২ টা কুম্ভ মেলাৰ পাছত অনুষ্ঠিত হয় মহা কুম্ভ মেলা। কোৱা হয় যে, এই সময়ছোৱাত নদীৰ পানীবোৰ অমৃতলৈ পৰিণত হয়। সেয়ে কুম্ভ মেলাত স্নান কৰিবলৈ লাখ লাখ ভক্তৰ সমাগম হয়।
Pipa Bridge বা পন্টুন (Pontoon) সেতু
প্ৰয়াগৰাজৰ গংগা, যমুনা আৰু সৰস্বতীৰ সংগমৰ ৪ হাজাৰ হেক্টৰ এলেকা সামৰি এইবাৰ মহাকুম্ভ মেলা অনুষ্ঠিত কৰা হৈছে। এই ৪ হাজাৰ হেক্টৰ এলেকাত সংযোগ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে Pipa Bridge –এ।
এই Pipa Bridge প্ৰাচীন পাৰ্চিয়াৰ ২৫০০ বছৰ পুৰণি প্ৰযুক্তিৰ পৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হৈছে।
১০০০ শ্ৰমিকে এবছৰ ধৰি নিৰ্মাণ কৰিছে এইসমূহ
এইবাৰ মহা কুম্ভ মেলাত ১০০০ শ্ৰমিকে প্ৰায় ৩০ খন Pipa Bridge বা পণ্টুন নিৰ্মাণ কৰিছে। তেওঁলোকে এই Pipa Bridge সমূহ নিৰ্মাণৰ বাবে প্ৰায় ১ বছৰ ধৰি দৈনিক ১০ ঘণ্টাকৈ কাম কৰিছিল।
উত্তৰ প্ৰদেশ চৰকাৰৰ তথ্য অনুসৰি এই Pipa Bridge নিৰ্মাণৰ বাবে ২,২০০ ৰো অধিক ক’লা লো, পানীত ভাহি থকা Pontoon ব্যৱহাৰ কৰা হৈছে। প্ৰতিটো Pontoon ৰ ওজন প্ৰায় পাঁচটন আৰু ই সম পৰিমাণৰ ওজন বহন কৰিবলৈ সক্ষম।
মহাকুম্ভত পন্টুন সেতুৰ ভূমিকা আৰু নিৰাপত্তা
মহাকুম্ভৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিবেক চতুৰ্বেদীয়ে জনোৱা অনুসৰি সংগম আৰু মহা কুম্ভ মেলাই সামৰি লোৱা ৪ হাজাৰ হেক্টৰ অঞ্চলৰ মাজত সংযোগ স্থাপনৰ ক্ষেত্ৰত পন্টুন সেতুৰ ভূমিকা গুৰুত্বপূৰ্ণ।
এই সেতুসমূহ মহাকুম্ভৰ এক অবিচ্ছেদ্য অংশ। যাৰ দ্বাৰা পানীৰ ওপৰতো বৃহৎ সংখ্যক ভক্ত আৰু বাহনৰ চলাচল নিশ্চিত কৰা হৈছে।
এই পণ্টুনসমূহৰ সুৰক্ষাৰ ওপৰতো প্ৰশাসনে গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ অহৰহ নিৰীক্ষণৰ বাবে, প্ৰতিখন দলঙৰ নিৰাপত্তা আৰু মসৃণ পৰিচালনাৰ বাবে চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। ২৪ ঘণ্টাই এইসমূহ নিয়ন্ত্ৰণ কক্ষৰ পৰা নিৰীক্ষণ কৰি থকা হৈছে।
পণ্টুন সেতুৰ ঐতিহাসিক পটভূমি
পন্টুন সেতুৰ আছে এক ঐতিহাসিক পটভূমি। প্ৰথমবাৰৰ বাবে খ্ৰীষ্টপূৰ্ব ৪৮০ ত পাৰ্চী ৰজা জাৰ্ক্সেছে গ্ৰীচ আক্ৰমণৰ সময়ত নিৰ্মাণ কৰিছিল এনে পণ্টুন সেতু। চীনৰ ঝৌ ৰাজবংশেও খ্ৰীষ্টপূৰ্ব ১১ শতিকাত এই ধৰণৰ দলং ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল।
ভাৰতত প্ৰথমে এনে প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল ১৮৭৪ চনত। সেই সময়ত কলকাতা আৰু হাওৰাৰ মাজৰ হুগলী নদীত এই পণ্টুন দলং নিৰ্মাণ কৰা হৈছিল। ব্ৰিটিছ অভিযন্তা ছাৰ ব্ৰেডফৰ্ড লেছলিৰ দ্বাৰা নিৰ্মাণ কৰা এই দলংখনত কাঠৰ পন্টুন ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল।
পাছত ঘূৰ্ণীবতাহৰ ফলত এই দলংখন ক্ষতিগ্ৰস্ত হোৱাত ১৯৪৩ চনত দলংখন সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছিল।তাৰ স্থানত নিৰ্মাণ কৰা হৈছিল ৰবীন্দ্ৰ সেতু বা হাওৰা দলং। মহাকুম্ভৰ এই পৰম্পৰাগত পন্টুন দলংখনে, ইয়াৰ ঐতিহাসিক গুৰুত্ব আৰু আধুনিক প্ৰযুক্তিৰ সমাহাৰেৰে ভক্তসকলক সেৱা আগবঢ়াইছে।