দেশদ্ৰোহীতাৰ গোচৰ ৰুজু আৰু কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰাৰ পাছতে মাদ্ৰী কাকতিয়ে দিলে স্পষ্টিকৰণ

ড০ মাদ্ৰী কাকতিৰ বিৰুদ্ধে ৰুজু হোৱা ৰাষ্ট্ৰ দ্ৰোহৰ গোচৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা কাৰণ দৰ্শোৱাৰ জাননীৰ পাছতেই এক্স হেণ্ডেলৰ জৰিয়তে স্পষ্টিকৰণ দিছে।

author-image
Tushar Pratim
New Update
দেশদ্ৰোহীতাৰ গোচৰ ৰুজু  আৰু কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰাৰ পাছতে মাদ্ৰী কাকতিয়ে দিলে স্পষ্টিকৰণ

ডিজিটেল ডেস্কঃ ‘পেহেলগামৰ নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰি যি ভিডিঅ’ প্ৰস্তুত কৰিছিলো আৰু টুইট কৰিছিলো তাত সন্ত্ৰাসবাদী শব্দৰে কেৱল পাকিস্তানৰ দ্বাৰা সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধেহে আছিল’।– এই স্পষ্টিকৰণ ড০ মাদ্ৰী কাকতিৰ।

Advertisment

লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ আধুনিক ভাষা বিভাগৰ অধ্যাপক ড০ মাদ্ৰী কাকতিৰ বিৰুদ্ধে ৰুজু হোৱা ৰাষ্ট্ৰ দ্ৰোহৰ গোচৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা কাৰণ দৰ্শোৱাৰ জাননীৰ পাছতেই নিজা এক্স হেণ্ডেলৰ জৰিয়তে এই স্পষ্টিকৰণ দিছে ড০ কাকতিয়ে। 

সামাজিক মাধ্যমত ড০ মেডুছা নামেৰে পৰিচিত মাদ্ৰী কাকতিয়ে এক্স হেণ্ডেলত তেওঁৰ শেহতীয়া বিতৰ্ক সন্দৰ্ভত স্পষ্টিকৰণ দিবলৈ গৈ তেওঁৰ শেহতীয়া এক পোষ্টত লিখিছে, ''পেহেলগামত সংঘটিত নৃশংস সন্ত্রাসবাদী আক্ৰমণ সন্দর্ভত চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা ভিডিঅ’ আৰু টুইটৰ প্ৰসংগত মই এই স্পষ্টীকৰণ প্ৰদান কৰিব বিচাৰোঁ: মোৰ দ্বাৰা কৰা টুইট আৰু তৈয়াৰ কৰা ভিডিঅ’ত “সন্ত্রাসবাদী” শব্দটো কেৱল আৰু কেৱল পাকিস্তানৰ দ্বাৰা সমৰ্থিত আৰু পৃষ্ঠপোষকতা কৰা সেইসকল সন্ত্রাসবাদীক উদ্দেশ্য কৰি ব্যৱহাৰ কৰা হৈছে, যিসকলে পেহেলগামত ধৰ্মৰ ভিত্তিত চিনাক্ত কৰি ভাৰতীয়সকলক নৃশংসভাৱে হত্যা কৰিছিল।''

তেওঁ আৰু লিখিছে, ভাৰতৰ গৌৰৱ আৰু অখণ্ডতা ৰক্ষাৰ বাবে এনে কঠিন সময়ত আমি সকলোৱে একত্ৰিত হৈ থকাৰ একান্ত প্ৰয়োজন। মোৰ প্ৰত্যেকটা টুইট, প্ৰতিটো ভিডিঅ’ত এই একেটা কথাই বাৰে বাৰে কৈ অহা হৈছে,  আৰু ক’য়েই থাকিম।

তেওঁ লিখিছে, একজন শিক্ষক হিচাপে মই এইটোও স্পষ্টকৈ বুজাব নোৱাৰিলোঁ যে মোৰ কথাৰ অৰ্থ কি আছিল, সেয়া মোৰ বাবে গভীৰ দু:খজনক। ভাষাবিজ্ঞানৰ ডিগ্ৰী থকা সত্ত্বেও মোৰ ভাষা তেনেদৰে স্পষ্ট নহ’ল, যাৰ ফলত দেশবাসীলৈ মোৰ একতা আৰু শান্তিৰ বাৰ্তা সঠিকভাৱে পঠিয়াই দিব নোৱাৰিলোঁ। 

উল্লেখ্য যে,  পেহেলগাম আক্ৰমণৰ পাছতে সামাজিক মাধ্যমৰ জৰিয়তে চৰকাৰ আৰু সংবাদ মাধ্যমক সমালোচনা কৰিছিল অসমৰ জীয়ৰী তথা লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ভাষা বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ মাদ্ৰী কাকতিয়ে। তাৰ পাছতে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দেশদ্ৰোহীতাৰ গোচৰ। 

তেওঁ পেহেলগাম আক্ৰমণৰ ঘটনাত ২৭ জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে সংবাদ মাধ্যমে মৃতদেহক লৈ টি আৰ পি খেদি ফুৰাত ব্যস্ত থাকিল আৰু যিসকল ইয়াৰ বাবে দায়ী তেওঁলোকক প্ৰশ্ন কৰা নহ’ল বুলি কৈ আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত এটা ডাঙৰ ত্ৰুটি ৰৈ গ’ল আৰু গৃহমন্ত্ৰী ‘ক্লু লেছ’ হৈ থাকিল বুলি কৈ সমালোচনা কৰিছিল।

তেওঁৰ এনে সমালোচনাৰ পাছতেই লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ এজন স্নাতকোত্তৰত অধ্যয়নৰত যতীন শুক্লা নামৰ ছাত্ৰই দাখিল কৰিছে এজাহাৰ। তেওঁৰ এজাহাৰ ভিত্তিতই হাচানগঞ্জ আৰক্ষী থানাত মাদ্ৰী কাকতিৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ ৰুজু কৰা হৈছে। 

তাৰোপৰি তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১৯৭(১), ১৫২, ৩০২, ৩৫২, ৩৫৩(২) আৰু ১৯৬(১)(ক) ৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে। আই টি এক্টৰ অধীনতো ৰুজু হৈছে গোচৰ। ইফালে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা ছাত্ৰ যতীন শুক্ল এগৰাকী এ বি ভি পিৰ সদস্য বুলি জানিব পৰা গৈছে। 
ইফালে মাদ্ৰী কাকতিৰ এই মন্তব্য ভাইৰেল হৈ পৰাৰ পাছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। সমান্তৰালকৈ লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়েও তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। 

 

পেহেলগাম