/asomiyapratidin/media/media_files/2025/02/17/N1bhR6dV4lsQXwu74A3M.jpg)
ডিজিটেল ডেস্কঃ কোনো কোনোৱে তেওঁক হনুমানৰ ‘অৱতাৰ’ বুলি ভাবিয়েই পূজা, অৰ্চনা কৰিছিল।আন কোনোৱে আকৌ ‘Wolf Man’ বুলিও সম্বোধন কৰিছিল। সেই হনুমানৰ অৱতাৰ তথা Wolf Man –এ শেহতীয়াকৈ লাভ কৰিলে গীনিজ ৱ’ৰ্ল্ড ৰেকৰ্ড।
উল্লেখ্য যে, মধ্যপ্ৰদেশৰ ১৯ বছৰীয়া ললিত পাটিদাৰ নামৰ যুৱকজনৰ মুখখন ঘন চুলিৰে আৱৰা। ললিতৰ ঘৰ মধ্যপ্ৰদেশৰ নন্দলেটা গাঁৱত। গাওঁখনৰ বহুতেই তেওঁক হনুমানৰ অৱতাৰ বুলিয়েই বিশ্বাস কৰে।
শেহতীয়াকৈ তেওঁক গীনিজ বুকে মুখত সৰ্বাধিক ঘনত্বৰ চুলি থকা ব্যক্তি হিচাপে স্বীকৃতি প্ৰদান কৰি গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান দিছে।
যোৱা ১৩ ফেব্ৰুৱাৰীত তেওঁৰ হাতত ইটালীত এই অভিলেখৰ প্ৰমাণ পত্ৰ গীনিজ বুক কৰ্তৃপক্ষই তুলি দিয়ে। ইয়াৰ পিছতে এতিয়া ললিতক লৈ গাওঁবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। জানিব পৰা মতে শৈশৱৰে পৰা গৌৰৱৰ মুখত চুলিৰ ঘনিত্ব বহু ডাঠ আছিল। সেয়ে তেওঁ শৈশৱৰ পৰাই সাধাৰণ মানুহতকৈ বহু কষ্টৰে জীৱনৰ মুখামুখী হৈছিল।
ললিতে তেওঁৰ প্ৰতিক্ৰিয়াত কয়, শৈশৱৰ পৰা ডাঙৰ হৈ আজিৰ পৰ্যায় পোৱালৈকে নিজৰ এই অদদ্ভুত ৰূপটোৰ বাবেই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
জন্মৰ সময়তো তেওঁৰ শৰীৰত ডাঠ চুলি থকা বাবে সেয়া কাটিব লগীয়া হৈছিল। বয়স বাঢ়ি অহাৰ লগে লগে তেওঁ লক্ষ্য কৰিলে দেহৰ আন অংশৰ লগতে তেওঁৰ মুখতো চুলিবোৰ অস্বাভাৱিক হাৰত বাঢ়ি আহিছে।
কিন্তু সময়ৰ লগে লগে তেওঁৰ কাহিনীয়ে চৰ্চা লাভ কৰে আৰু বিভিন্ন ৰাজ্যৰ মানুহে তেওঁৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰে। সংবাদ মাধ্যমতো তেওঁৰ বিষয়ে সবিস্তাৰে প্ৰচাৰ হৈছিল ধাৰাবাহিকভাৱে। ফলত লাহে লাহে তেওঁৰ জীৱন সৰল হৈ পৰে।
নানান অসুবিধাৰ মাজতো ললিতে নিজৰ এই ৰূপটোক স্বীকাৰ কৰি লৈছে। এতিয়া এই অদ্ভুত ৰূপটোৱেই তেওঁৰ পৰিচয়। তেওঁ আশা কৰিছে তেওঁৰ এই কাহিনীয়ে আনকো নিজৰ দেহ, ছালৰ ওপৰত আত্মবিশ্বাসী হ’বলৈ উৎসাহিত কৰিব।
চিকিৎসকৰ মতে ললিতৰ মুখত এইদৰে ডাঠ চুলি থকাৰ মূলতে হৈছে এক বিৰল চিকিৎসাজনিত অৱস্থা। এই ৰোগতবিশ্বজুৰি মাত্ৰ প্ৰায় ৫০ জন লোকহে আক্ৰান্ত হয়।