খাদ্য কেলেংকাৰীত জড়িত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহান…

খাদ্য কেলেংকাৰীত জড়িত থকাৰ অভিযোগত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানক তুলাধুনা বিৰোধী দলৰ ।

author-image
Asomiya Pratidin
New Update
খাদ্য কেলেংকাৰীত জড়িত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহান…

ডিজিটেল ডেস্ক : খাদ্য কেলেংকাৰীত জড়িত থকাৰ অভিযোগত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানক তুলাধুনা বিৰোধী দলৰ । স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা মহিলাৰ বাবে আৰম্ভ কৰা ‘টেক হোম ৰেচন’ আচনিত এনডি টিভিৰ এক প্ৰতিবেদনত ধৰা পৰিছিল এক বৃহৎ কেলেংকাৰীৰ । এনডি টিভিৰ ৩৬ পৃষ্ঠাজোৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছিল এই কেলেংকাৰীৰ ।

Advertisment

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীও এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই বিৰোধী দলৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা জয়ৰাম ৰমেশে টুইটাৰৰ জৰিয়তে আক্ৰমণ কৰে শিৱৰাজ চৌহানক । ব্যাপাম কেলেংকাৰীৰ জৰিয়তে ৰাজ্যখনৰ নতুন প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰাৰ পাছত এইবাৰ দুখীয়া শিক্ষাৰ্থী আৰু গৰ্ভৱতী মহিলাসকলৰ বিৰুদ্ধে অন্যায় কৰিছে চৰকাৰখনে বুলি মন্তব্য কৰে জয়ৰাম ৰমেশে মন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, প্ৰত্যেক দিনেই অৱনতি ঘটিছে চৰকাৰখনৰ ।


ইয়াৰ সৈতেই, শিৱৰাজ চৌহানে কেৱল কেলেংকাৰী কৰিবৰ বাবেই চৰকাৰ গঠন কৰিছে নেকি বুলিও প্ৰশ্ন কৰে নেতাগৰাকীয়ে ।



madhya pradesh shivrajchauhan Food Scam