মধ্যপ্ৰদেশত নিৰ্বাচনী হিংসাঃ এজনৰ মৃত্যু

মধ্যপ্ৰদেশত নিৰ্বাচনী হিংসাঃ এজনৰ মৃত্যু

ডিজিটেল ডেস্কঃ বিধানসভা নিৰ্বাচনৰ মাজতে মধ্যপ্ৰদেশত সংঘটিত হৈছে হিংসাত্মক ঘটনা। মধ্য প্ৰদেশৰ ৰাজনগৰ সমষ্টিত দুটা গোটৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এজন কংগ্ৰেছ প্ৰাৰ্থীৰ সহায়ক নিহত হয়।

ইন্দোৰ জিলাৰ মহু অঞ্চলত দুটা গোটৰ মাজত সংঘৰ্ষত পাঁচজন লোক আহত হয়। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে প্ৰতিদ্বন্দিতা কৰা মোৰেনা জিলাৰ ডিমানি সমষ্টিত সংঘৰ্ষত দুজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ৰাজ্যখনৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী হিংসা সৃষ্টি হৈছে। আজি ৰাজ্যখনৰ ২৩০ খন আসনৰ বাবে অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

মধ্যপ্ৰদেশত নিৰ্বাচনী হিংসাঃ এজনৰ মৃত্যু
আজমলক অসমৰ পৰা গুচি যাবলৈ আহ্বান বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in