/asomiyapratidin/media/media_files/2025/02/15/bUz0IgWVuMqZEzvAyx9m.jpg)
ডিজিটেল ডেস্কঃ হুণ্ডাই মটৰ ইণ্ডিয়াই ঘোষণা কৰা অনুসৰি প্ৰতিষ্ঠানটোৱে ভাৰতৰ পৰা ২৫ বছৰীয়া ৰপ্তানি সম্পূৰ্ণ কৰিছে। প্ৰতিষ্ঠানটোৱে ভাৰতৰ পৰা প্ৰথমে ৰপ্তানি আৰম্ভ হৈছিল ১৯৯৯ চনত। তেতিয়াৰে পৰা বছৰ বছৰ ধৰি হুণ্ডাইয়ে ভাৰতৰ পৰা বিশ্বৰ ৬০ খনতকৈও অধিক দেশলৈ ৩৭ লাখতকৈ অধিক গাড়ী প্ৰেৰণ কৰিছে।
কোম্পানীটোৱে লগতে কয় যে, ২০২৪ চনত চৌদি আৰব, দক্ষিণ আফ্ৰিকা, মেক্সিকো, চিলি, আৰু পেৰুৱে কোম্পানীটোৰ বাবে আয়তনৰ হিচাপত সৰ্বাধিক ৰপ্তানি বজাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। ২০২৪ চনত হুণ্ডাইয়ে মুঠ ১,৫৮,৬৮৬খন গাড়ী ৰপ্তানি কৰিছে।
২০০৭ চনত উৎপাদন আৰম্ভ হোৱাৰ পিছৰে পৰা i10 পৰিয়ালৰ ১৫ লাখতকৈ অধিক ইউনিট ৰপ্তানি কৰা হৈছে। য'ত i10, Grand i10, আৰু Grand i10 Nios অন্তৰ্ভুক্ত আছে। একেদৰে হুণ্ডাইয়ে ভাৰ্না পৰিয়ালৰ ৫ লাখতকৈ অধিক ইউনিট প্ৰেৰণ কৰিছে, য’ত ভাৰতৰ পৰা ভাৰ্না, ভাৰ্না ট্ৰেন্সফৰ্ম, ফ্লুডিককে ধৰি অন্যান্য বহু ইউনিট আছে।
দক্ষিণ আফ্ৰিকা হুণ্ডাই ভাৰতৰ অন্যতম বৃহৎ বজা। এই বজাৰলৈ হুণ্ডাইৰ ৰপ্তানি ১০ লাখ ইউনিট অতিক্ৰম কৰিছে আৰু কোম্পানীটোৱে ২০২৪ চনত এক্সটাৰ মাইক্ৰ’ এছ ইউ ভিৰ ৰপ্তানিও আৰম্ভ কৰিছে। এয়া দক্ষিণ আফ্ৰিকাৰ অষ্টমটো ভাৰতত নিৰ্মিত মডেল। হুণ্ডাই ইণ্ডিয়াই ক্ৰেটা, আলকাজাৰ, ভাৰ্না, এক্সটাৰ, আৰু i10কে ধৰি কেইবাটাও জনপ্ৰিয় মডেল ৰপ্তানি কৰে।
এইচএমআইএলৰ পৰিচালন সঞ্চালক মিষ্টাৰ উনছু কিমে কয়, “হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে সঞ্চিত ভিত্তিত ভাৰতৰ পৰা যাত্ৰীবাহী বাহনৰ সৰ্ববৃহৎ ৰপ্তানিকাৰক হিচাপে গৌৰৱেৰে থিয় দিছে। যোৱা ২৫ বছৰত ৩৭ লাখতকৈ অধিক ইউনিট ৰপ্তানি কৰি এইচএমআইএলে দেশৰ বাবে উল্লেখযোগ্য বৈদেশিক মুদ্ৰা উপাৰ্জন কৰাৰ লগতে ভাৰতক উৎপাদন শক্তিৰ বাবে বিশ্বৰ মানচিত্ৰত স্থান দিছে।
ভাৰতীয় অভিযান্ত্ৰিকতাৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আস্থা আৰু বিশ্বজুৰি ভাৰতীয় কাৰুকাৰ্য্যৰ জনপ্ৰিয়তাৰ সাক্ষ্য এয়া। 'মানৱতাৰ বাবে প্ৰগতি'ৰ আমাৰ বিশ্বব্যাপী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি, বিশ্বৰ গ্ৰাহকসকলক বিস্তৃত পৰিসৰৰ স্মাৰ্ট মবিলিটি সমাধানৰ সৈতে সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি শক্তিশালী হৈ থাকিব কাৰণ আমি মেক ইন ইণ্ডিয়া, মেড ফৰ দ্য ৱৰ্ল্ডৰ ওপৰত আমাৰ মনোনিৱেশ শক্তিশালী কৰিম।"