ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণৰ পাছতে সামাজিক মাধ্যমৰ জৰিয়তে চৰকাৰক সমালোচনা কৰি বিপদত পৰিছে অসমৰ জীয়ৰী তথা লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ভাষা বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ মাদ্ৰী কাকতি। তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দেশদ্ৰোহীতাৰ গোচৰ।
উল্লেখ্য যে, সামাজিক মাধ্যমত ব্যংগকাৰ ডাঃ মেডুছা নামেৰে পৰিচিত কাকতিয়ে পেহেলগাম ঘটনাৰ পাছতে সামাজিক মাধ্যমৰ জৰিয়তে সংবাদ মাধ্যম আৰু চৰকাৰক সমালোচনা কৰিছিল। তেওঁ এই ঘটনাত ২৭ জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে সংবাদ মাধ্যমে মৃতদেহক লৈ টি আৰ পি খেদি ফুৰাত ব্যস্ত থাকিল আৰু যিসকল ইয়াৰ বাবে দায়ী তেওঁলোকক প্ৰশ্ন কৰা নহ'ল বুলি কৈ আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত এটা ডাঙৰ ত্ৰুটি ৰৈ গ'ল আৰু গৃহমন্ত্ৰী ক্লু লেছ’ হৈ থাকিল বুলি কৈ সমালোচনা কৰিছিল।
তেওঁৰ এনে সমালোচনাৰ পাছতেই লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ এজন স্নাতকোত্তৰত অধ্যয়নৰত যতীন শুক্লা নামৰ ছাত্ৰই দাখিল কৰিছে এজাহাৰ। তেওঁৰ এজাহাৰ ভিত্তিতই হাচানগঞ্জ আৰক্ষী থানাত মাদ্ৰী কাকতিৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ ৰুজু কৰা হৈছে।
তাৰোপৰি তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১৯৭(১), ১৫২, ৩০২, ৩৫২, ৩৫৩(২) আৰু ১৯৬(১)(ক) ৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে। আই টি এক্টৰ অধীনতো ৰুজু হৈছে গোচৰ।
ইফালে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা ছাত্ৰ যতীন শুক্ল এগৰাকী এ বি ভি পিৰ সদস্য বুলি জানিব পৰা গৈছে। ইফালে মাদ্ৰী কাকতিৰ এই মন্তব্য ভাইৰেল হৈ পৰাৰ পাছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। সমান্তৰালকৈ লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়েও তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
পেহেলগামৰ ঘটনাত চৰকাৰক সমালোচনা কৰি বিপদত অধ্যাপিকা মাদ্ৰী কাকতি...
পেহেলগাম আক্ৰমণৰ পাছতে সামাজিক মাধ্যমৰ জৰিয়তে চৰকাৰক সমালোচনা কৰি বিপদত পৰিছে অসমৰ জীয়ৰী তথা লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ভাষা বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ মাদ্ৰী কাকতি