পুনৰ লাভ জেহাদৰ ঘটনা: প্ৰেমৰ চলনাৰে যুৱতীক ধৰ্ষণ

পুনৰ লাভ জেহাদৰ ঘটনা: প্ৰেমৰ চলনাৰে যুৱতীক ধৰ্ষণ

ডিজিটেল ডেস্ক: দেশত প্ৰায়েই সংঘটিত হৈ আহিছে বিভিন্ন অপৰাধজনিত ঘটনা। প্ৰায়েই চৰ্চাত থাকে এনেবোৰ ঘটনা-পৰিঘটনা। প্ৰেম-শাৰীৰিক সম্পৰ্ক আৰু ইয়াৰ পিচতেই প্ৰবঞ্চনা-প্ৰতাৰণাৰ বলি হৈ আহিছে একাংশ দুৰ্ভগীয়া যুৱতী।

এনে এক কাণ্ডই জোকাৰি গৈছে গুজৰাটক। অভিযোগ অনুসৰি, এগৰাকী ৩৭ বছৰীয়া মুছলমান লোকে প্ৰেমৰ চলনাৰে এগৰাকী যুৱতীক বিগত ৫বছৰে চলাই আহিছে ধৰ্ষণ কাণ্ড। লোকজনে অকল ধৰ্ষণ কৰাই নহয় এই কাণ্ডৰ ভিডিঅ'সমূহ নিজৰ ম'বাইলত সংৰক্ষিত কৰি মাজে সময়ে উক্ত যুৱতীগৰাকীক বিভিন্ন প্ৰকাৰে ব্লেকমেইলিঙ কৰাৰো ভাবুকি প্ৰদান কৰি আহিছে।

এই সমগ্ৰ অনৈতিক কাণ্ড সংঘটিত কৰা ৩৭ বছৰীয়া ব্যক্তিগৰাকীৰ নাম নিজাম শ্বেখ। এনেবোৰ অনৈতিক কাণ্ডৰ বাবে বুধবাৰে গুজৰাটৰ নৱসাৰী আৰক্ষীয়ে লাভ জেহাদৰ গোচৰত ধৃত শ্বেখক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, দুৰ্ভগীয়া ছোৱালীজনীৰ বয়স যেতিয়া ১৬ বছৰ আছিল, তেতিয়াও নিজামে প্ৰথমবাৰৰ বাবে যুৱতীগৰাকীৰে চলাইছিল শাৰীৰিক সম্পৰ্ক।

পুনৰ লাভ জেহাদৰ ঘটনা: প্ৰেমৰ চলনাৰে যুৱতীক ধৰ্ষণ
বস্ত্ৰ উদ্যোগত ভয়াৱহ অগ্নিকাণ্ড : নিহত ৩ কৰ্মচাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in