/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/cbaa5d7a-f12e-4b3d-9aa3-4148b640fa8d/shiv_temple_29.jpg)
বিশ্বৰ সুউচ্চ শিৱ মূৰ্তিটো মুকলি হ'ল ৰাইজৰ বাবে
ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ ওখ শিৱ মূৰ্তিটো আজি ৰাইজৰ বাবে মুকলি হ'ল ৰাজস্থানত। আজি বিয়লি ৪ বজাত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু যোগ গুৰু ৰামদেৱৰ উপস্থিতি প্ৰখ্যাত কথক মুৰাৰী বাপুৱে এই মূৰ্তিটো উন্মোচন কৰে।
এই শিৱ মূৰ্তিটো নিৰ্মাণ কৰিছে পদম উপবন সংস্থাৰ নাথদ্বাৰৰ ট্ৰাষ্টী মদন পালিৱালে। বিশ্বৰ ভিতৰতে এই শিৱ মূৰ্তিটোৱেই এনে এক মূৰ্তি য'ত শিৱ মূৰ্তিটোৰ শিখৰলৈ যাবলৈ ব্যৱহাৰ কৰা হৈছে ৪ টা লিফ্ট। আনহাতে খোজেৰে মূৰ্তিটোৰ শিখৰলৈ যাবলৈ নিৰ্মাণ কৰা হৈছে ৭০০ চিৰি।
মূৰ্তিটো নিৰ্মাণৰ বাবে মুঠ ৫১ বিঘা মাটিৰ প্ৰয়জন হৈছে। এই সুউচ্চ শিৱৰ মূৰ্তিটো প্ৰায় ২০ কিলোমিটাৰ আঁতৰৰ পৰাই ভক্তই দেখা পাব। আজি এই মূৰ্তিটোৰ উদ্বোধনী অনুষ্ঠানত ৰাজস্থানৰ হাজাৰ হাজাৰ স্থানীয় ভক্ত উপস্থিত থকাৰ উপৰিও ব্ৰিটেইন, আমেৰিকা যুক্ত ৰাষ্ট্ৰ, ফ্ৰান্স, জাৰ্মানী, অষ্ট্ৰেলিয়াকে ধৰি বহু বিদেশী ৰাষ্ট্ৰৰ ভক্তৰ সমাগম হৈছে। মূৰ্তিটো উদ্বোধনৰ লগত সংগতি ৰাখি মুঠ ৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানত ভক্তসকলৰ বাবে বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা কৰাৰ লগতে খাদ্যৰো ব্যৱস্থা কৰা হৈছে।
এই সুউচ্চ মূৰ্তিটোক জল অভিষেক কৰিবৰ বাবে ভক্তই ৩৫১ ফুট উচ্চতালৈ উঠিব লাগিব। ইয়াৰ বাবে পূৰ্বেই ল'ব লাগিব অনুমতি। আনহাতে এই মূৰ্তি দৰ্শন কৰিবলৈ বিভিন্ন উচ্চতাৰ দলঙৰ ব্যৱস্থা কৰা হৈছে। মূৰ্তিটো দৰ্শনৰ বাবে ২৭০ ৰ পৰা ২৮০ ফুট দৈৰ্ঘ্যৰ উচ্চতালৈ উঠিবলৈ এখন কাঁচৰ দলঙো নিৰ্মাণ কৰা হৈছে। ২০ ফুট উচ্চতাত নিৰ্মাণৰ কৰা হৈছে এটা গেলেৰী। শিৱ মূৰ্তিটোৰ সোঁ কান্ধখনৰ উচ্চতা ২৮০ ফুট।