আম্বেদকাৰ প্ৰেক্ষাগৃহত প্ৰবেশত বাধা ৰাহুলকঃ বিহাৰত একনায়কত্ববাদ চলাৰ অভিযোগ

বিহাৰত লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সভাত উত্তেজনা। নিৰ্বাচনমুখী বিহাৰত বৃহস্পতিবাৰে কেইবাটাও কাৰ্যসূচীত অংশ লৈছে ৰাহুল গান্ধীয়ে। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
আম্বেদকাৰ প্ৰেক্ষাগৃহত প্ৰবেশত বাধা ৰাহুলকঃ বিহাৰত একনায়কত্ববাদ চলাৰ অভিযোগ

ডিজিটেল ডেস্কঃ বিহাৰত লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সভাত উত্তেজনা। তাৰ পিছতে সৃষ্টি হৈছে বিতৰ্ক। উল্লেখ্য যে, নিৰ্বাচনমুখী বিহাৰত বৃহস্পতিবাৰে কেইবাটাও কাৰ্যসূচীত অংশ লৈছে ৰাহুল গান্ধীয়ে। 

Advertisment

তাৰ মাজতেই দৰভঙাত প্ৰশাসনে ৰাহুল গান্ধীৰ কনভয় অৱৰোধ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। কংগ্ৰেছৰ এই দাবীক আকৌ নস্যাৎ কৰিছে জিলা প্ৰশাসনে। 

কংগ্ৰেছে আজি দলিত ছাত্ৰ-ছাত্ৰীৰ বাবে ‘শিক্ষা ন্যায় সংবাদ’ নামৰ এক কাৰ্যসূচীৰ হাতত লৈছিল। প্ৰথমে দৰভঙাৰ আম্বেদকাৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আহ্বান কৰা হৈছিল। 

কিন্তু বুধবাৰে নিশা হঠাৎ জিলা প্ৰশাসনে এই কাৰ্যসূচী আম্বেদকাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত নহ’ব বুলি ঘোষণা কৰে। তাৰ পৰিবৰ্তে এই অনুষ্ঠান চহৰৰ পৰা দূৰত অনুষ্ঠিত কৰিবলৈ পাৰিব বুলিও জনায়।

প্ৰশাসনৰ এনে বাধাৰ পিছতো বৃহস্পতিবাৰে দৰভংগা পোৱাৰ লগে লগে ৰাহুলৰ কনভয় প্ৰথমে আম্বেদকাৰ প্ৰেক্ষাগৃহৰ সন্মুখত ৰয়গৈ। 

তেওঁ আম্বেদকাৰ প্ৰেক্ষাগৃহলৈ গৈ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ কথা আছিল। কিন্তু ৰাহুল গান্ধীৰ উপস্থিতিৰ পাছতে আৰক্ষীয়ে আম্বেদকাৰ হলৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰশাসনে নিৰাপত্তাজনিত কাৰণতে ৰাহুল গান্ধীক তালৈ যাবলৈ দিয়া হোৱা নাছিল বুলি প্ৰকাশ কৰিছে। তাৰ পিছতে  ৰাহুল গান্ধীয়ে কনভয়ৰ পৰা নামি খোজেৰেই টাউন হলৰ দিশে যাত্ৰা কৰে আৰু শিক্ষা ন্যায় সংবাদ কাৰ্যসূচীত যোগদান কৰে। 

উল্লেখ্য যে, এইবাৰ বিহাৰৰ নিৰ্বাচনৰ অন্যতম মূল বিষয় হৈছে জাতি লোকপিয়ল। সেই সূত্ৰেই ৰাহুলে কয় যে যদি কংগ্ৰেছ মিত্ৰজোঁটে বিহাৰত চৰকাৰ গঠন কৰে তেন্তে তিনিটা কাম নিশ্চিত হ’ব। প্ৰথম জাতি গণনা সুনিশ্চিত কৰা, দ্বিতীয়তে ব্যক্তিগত শিক্ষাত অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ আৰু তৃতীয়তে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে উপ-পৰিকল্পনা ৰূপায়ণ কৰা।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে এইবাৰ সাধাৰণ লোকপিয়লৰ সমান্তৰালকৈ জাতি জনগণনাও কৰা হ’ব। মন কৰিবলগীয়া যে ২০১১ চনৰ পৰা দেশত কোনো লোকপিয়ল হোৱা নাই।

স্বাধীনতাৰ পিছত দেশত জাতিগত লোকপিয়ল হোৱা নাই। কিন্তু কেতিয়া লোকপিয়ল বা জাতি জনগণনা কৰা হ’ব সেই কথা কেন্দ্ৰীয় চৰকাৰে কোৱা নাই। 

শিক্ষা ন্যায় সংবাদ সভাত ৰাহুলে অভিযোগ কৰি কয়, তেওঁলোকে মোক বাধা দিবলৈ চেষ্টা কৰিছিল। কিন্তু নোৱাৰিলে। কাৰণ, মোৰ লগত আপোনালোকৰ শক্তি আছে।" ৰাহুলে অভিযোগ কৰিছে বিহাৰত "ডাবল ইঞ্জিনৰ চৰকাৰৰ নামত একনায়কত্ববাদ চলিছে।" 

বিহাৰ ৰাহুল গান্ধী কংগ্ৰেছ