লোকসভা নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে?

সমাগত লোকসভা নিৰ্বাচন। ইয়াৰ বাবে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে চলাইছে প্ৰস্তুতি।
লোকসভা নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে?

ডিজিটেল ডেস্ক: সমাগত লোকসভা নিৰ্বাচন। ইয়াৰ বাবে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে চলাইছে প্ৰস্তুতি। কংগ্ৰেছ নেতা অজয় ৰায়ে বুধবাৰে কয় যে ৰাহুল গান্ধীয়ে আমেঠিৰ পৰা ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। কিয়নো নেহৰু-গান্ধী পৰিয়ালৰ আমেঠিৰ সৈতে পুৰণি পাৰিবাৰিক সম্পৰ্ক আছে। সেয়ে কোনোৱে তেওঁক দুৰ্বল কৰিব নোৱাৰে।

দলটোৰ উত্তৰ প্ৰদেশ গোটৰ মুৰব্বী ৰায়ে আমেঠিৰ জনসাধাৰণক আহ্বান জনাই যে তেওঁলোকে যাতে ৰাহুল গান্ধীক সংখ্যাগৰিষ্ঠতাৰে দিল্লীলৈ নিৰ্বাচিত কৰে। অৱশ্যে এই সন্দৰ্ভত কংগ্ৰেছ দলে কোনো ধৰণৰ বিবৃতি প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, ৰাহুল গান্ধী ২০১৯ ৰ নিৰ্বাচনত বিজেপিৰ স্মৃতি ইৰাণীৰ বিৰুদ্ধে পৰাজিত হৈছিল। ইয়াৰ আগতে, তেওঁ একেৰাহে তিনিবাৰ আমেঠি সংসদীয় আসনৰ প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ আগত সঞ্জয় গান্ধী, ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীয়েও আমেঠিৰ পৰা জয়ী হৈছিল।

ৰায়ে কয় যে, তেওঁৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা ১১ ডিচেম্বৰত প্ৰয়াগৰাজৰ পৰা আৰম্ভ হৈছিল আৰু ১৪ ডিচেম্বৰত কৌশাম্বী প্ৰতাপগড় হৈ আমেঠিত উপস্থিত হৈছিল। তেওঁ কয় যে আমেঠি জিলাত ২৫ কিলোমিটাৰ এই যাত্ৰাৰ সময়ত জনতাই সমৰ্থন জনাইছে।

আৰু পঢ়ক: ব্ৰেকিং নিউজৰ দৌৰত হেৰাই যাব নেকি ছপা মাধ্যম?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in