/asomiyapratidin/media/media_files/2025/03/28/WXydgb8YDCuaEf3zduwE.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ সামুদ্ৰিক খণ্ডৰ আধুনিকীকৰণ, আইনী পৰিকাঠামো আপডেট কৰাৰ লগতে ব্যৱসায় সহজে কৰাৰ সুবিধা বৃদ্ধি কৰাৰ লক্ষ্যৰে লোকসভাত আজি এখন গুৰুত্বপূৰ্ণ বিধেয়ক "সাগৰৰ জৰিয়তে সামগ্ৰীৰ পৰিবহণ বিধেয়ক-২০২৪" গৃহীত হয়। দেশৰ বৰ্ধিত সামুদ্ৰিক আৰু জাহাজ পৰিবহণ খণ্ডক আধুনিক ধ্যান-ধাৰণাৰে ত্বৰান্বিত কৰাৰ বাবে ঔপনিৱেশিক যুগৰ "সাগৰৰ জৰিয়তে সামগ্ৰীৰ পৰিবহণ আইন, ১৯২৫ " ৰ সালসলনি আৰু গুৰুত্বপূৰ্ণ আইনী সংস্কাৰে ভাৰতৰ সামুদ্ৰিক খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উল্লেখ কৰে। ঔপনিৱেশিক যুগৰ জটিল আইনৰ সীমিত পৰিসৰ নতুন ৰূপত বৃদ্ধিৰে আৰু সামুদ্ৰিক বাণিজ্যক আধুনিক বাস্তৱিকতাৰ সৈতে সংমিশ্ৰণ ঘটাই এই পদক্ষেপে দেশৰ সামুদ্ৰিক পৰিবহণ খণ্ডক এক নতুন গতি দিব বুলি সোণোৱালে কয়।
এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "লোকসভাত সাগৰৰ জৰিয়তে সামগ্ৰীৰ পৰিবহণ বিধেয়ক গৃহীত হোৱাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীৰে ভাৰতৰ আইনী পৰিকাঠামোৰ আপডেট আৰু আধুনিকীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে । এই বিধেয়কে ভাৰতৰ সামুদ্ৰিক খণ্ডক অধিক প্ৰাসংগিক, দক্ষ আৰু সুগম কৰি তোলাৰ লগতে প্ৰগতি বাধাগ্ৰস্ত কৰা ঔপনিৱেশিক যুগৰ নিয়মসমূহৰ অৱসান ঘটাব। এই বিধেয়কখন গৃহীত হোৱাটো সামুদ্ৰিক বাণিজ্যৰ বাবে ভাৰতৰ আইনী ভেটি শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ই কেৱল বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰাই নহয়, ভাৰতক বিকশিত ভাৰত হিচাপে আগুৱাই নিয়াৰ শক্তি প্ৰদান কৰিব’’।
সৰ্বানন্দ সোণোৱালে কয়, "আধুনিক, দক্ষ আৰু বিশ্বব্যাপী বৰ্ধিত প্ৰতিযোগিতামূলক জাহাজ পৰিবহণ খণ্ডৰ দিশত ভাৰতৰ সক্ৰিয় ভূমিকা এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। ভাৰতৰ সামুদ্ৰিক খণ্ডক ভৱিষ্যতৰ বাবে সুসজ্জিত আৰু বিশ্বব্যাপী অধিক প্ৰতিযোগিতামূলক কৰি তুলিবলৈ সামুদ্ৰিক খণ্ডৰ আধুনিকীকৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী পূৰণ কৰাৰ দিশত লোকসভাত সাগৰৰ জৰিয়তে সামগ্ৰীৰ পৰিবহণ বিধেয়ক, ২০২৪ গৃহীত হোৱাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ। বিধেয়কখনৰ সৰলীকৃত ভাষা আৰু গাঁথনিয়ে সামুদ্ৰিক অংশীদাৰসকল, বিশেষকৈ ভাৰতীয় ৰপ্তানিকাৰী, আমদানিকাৰী আৰু জাহাজ পৰিবহণ পেছাদাৰীসকলৰ বাবে যাৱতীয় ব্যৱস্থা অধিক সুগম কৰিব। এই বিধেয়কখনে ভাৰতক বিকশিত আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক চুক্তিৰ সৈতে দ্ৰুতগতিত খাপখোৱাকৈ আগুৱাই যোৱাৰ সুযোগ-সম্ভাৱনা প্ৰশস্ত কৰিব। ই কাৰ্যবাহী অধিসূচনা সমূহৰ সংসদীয় নিৰীক্ষণৰ ব্যৱস্থা কৰি স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰিব (দফা১০) । এই বিধেয়কখনে ঔপনিৱেশিক আইনী অৱশিষ্টৰ পৰা আঁতৰি আধুনিক ভাৰতীয় সামুদ্ৰিক আইনী পৰিচয় গ্ৰহণ কৰিব।"
তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি লোকসভাত "ভাৰতীয় বন্দৰ বিধেয়ক, ২০২৫" উত্থাপন কৰে, যাৰ লক্ষ্য হৈছে বন্দৰ ব্যৱস্থাপনা সম্পৰ্কীয় আইন সমূহ একত্ৰিত কৰা, সংহত বন্দৰ উন্নয়নৰ প্ৰসাৰ কৰা আৰু সামুদ্ৰিক খণ্ডত ব্যৱসায় সহজে কৰাৰ সুবিধা বৃদ্ধি কৰা। এই বিধেয়কখনে মুখ্যবন্দৰসমূহৰ বাহিৰে আন বন্দৰসমূহৰো ফলপ্ৰসূ ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ সামুদ্ৰিক ৰাজ্যিক উন্নয়ন পৰিষদৰ স্থাপন আৰু সবলীকৰণৰ জৰিয়তে ভাৰতৰ বিশাল উপকূলীয় অঞ্চলৰ সৰ্বোত্তম ব্যৱহাৰ ত্বৰান্বিত কৰিব।
এই সন্দৰ্ভত সৰ্বানন্দ সোণোৱালে কয়, "লোকসভাত ভাৰতীয় বন্দৰ বিধেয়ক, ২০২৫ উত্থাপন কৰাটো ভাৰতৰ বন্দৰ ব্যৱস্থাপনা আৰু সামুদ্ৰিক আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ দিশত এক ৰূপান্তৰমুখী পদক্ষেপ। বিধেয়ক খনে বন্দৰ সম্পৰ্কীয় আইন একত্ৰিত কৰিব, সংহত বন্দৰ উন্নয়ন প্ৰসাৰিত কৰিব, ব্যৱসায় সহজে কৰাৰ সুযোগ-সুবিধা বৃদ্ধি কৰিব, ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ড স্থাপন আৰু ইয়াৰ সবলীকৰণ সুনিশ্চিত কৰিব আৰু সামুদ্ৰিক ৰাজ্যিক উন্নয়ন পৰিষদ গঠনত সহায় কৰিব। ভাৰতীয় বন্দৰ বিধেয়কখনে প্ৰদূষণ নিয়ন্ত্ৰণ, দুৰ্যোগ ব্যৱস্থাপনা, জৰুৰীকালীন সঁহাৰি, সুৰক্ষা, নেভিগেচন আৰু বন্দৰত তথ্য ব্যৱস্থাপনাৰ দৰে গুৰুত্বপূৰ্ণ দিশবোৰো সম্বোধন কৰিব।"