PM SVANidhi আঁচনিৰ অধীনত পদপথৰ বিক্ৰেতাক ১৩,৪২২ কোটি টকাৰ ঋণ বিতৰণ...

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে ৮ ডিচেম্বৰলৈকে প্ৰধানমন্ত্ৰী SVAidhi আঁচনিৰ অধীনত পদপথৰ বিক্ৰেতাসকলক মুঠ ১৩,৪২২ কোটি টকাৰ ঋণ বিতৰণ কৰিছে। সোমবাৰে ৰাজ্যসভাত এই তথ্য দাখিল কৰিছে মন্ত্ৰণালয়ে।

author-image
Asomiya Pratidin
New Update
PM SVANidhi আঁচনিৰ অধীনত পদপথৰ বিক্ৰেতাক ১৩,৪২২ কোটি টকাৰ ঋণ বিতৰণ...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে ৮ ডিচেম্বৰলৈকে প্ৰধানমন্ত্ৰী SVAidhi আঁচনিৰ অধীনত পদপথৰ বিক্ৰেতাসকলক মুঠ ১৩,৪২২ কোটি টকাৰ ঋণ বিতৰণ কৰিছে। সোমবাৰে ৰাজ্যসভাত এই তথ্য দাখিল কৰিছে মন্ত্ৰণালয়ে।

উল্লেখ্য যে, নগৰ অঞ্চলৰ পদপথৰ বিক্ৰেতাসকলৰ বাবে কোভিড-১৯ ৰ সংক্ৰমণে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতেই ২০২০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰে মাইক্ৰ'ক্ৰেডিট আঁচনি মুকলি কৰিছিল। এই আঁচনিৰ জৰিয়তে পদপথৰ ক্ষুদ্ৰ বিক্ৰেতাসকলক ৫০ হাজাৰ টকা লৈকে বন্ধকী-মুক্ত ঋণ প্ৰদান কৰে।

ৰাজ্যসভাত এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডাৰৰ আত্মনিৰ্ভৰ নিধি (এছভিএনিধি) আঁচনিৰ অধীনত ঋণ বিতৰণ কৰা সংস্থা বা কোম্পানীসমূহৰ বিৰুদ্ধে কোনো প্ৰৱঞ্চনা সম্পৰ্কীয় অভিযোগ এতিয়ালৈকে পোৱা নাই।

৮ ডিচেম্বৰ, ২০২৪ লৈকে প্ৰধানমন্ত্ৰী এছভিএনিধি আঁচনিৰ অধীনত ১৩,৪২২.১৬ কোটি টকাৰ ৯,৪৩১,০০০ টা ঋণ বিতৰণ কৰা হৈছে। ৯,৪৩১,০০০ টা ঋণৰ ভিতৰত ইতিমধ্যে ৪,০৩৬,০০০ ঋণ পদপথৰ বিক্ৰেতা হিতাধিকাৰীসকলে পৰিশোধ কৰিছে।

এই ঋণৰ বাবে আঁচনিখনত ৰাজ্যসমূহৰ আঁকাৰ অনুসৰি মুঠ তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে। ডাঙৰ ৰাজ্য, পাহাৰীয়া আৰু উত্তৰ-পূব ৰাজ্য, সৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। সেই অনুসৰিয়েই এই ৰাজ্যসমূহৰ পদপথৰ বিক্ৰেতাসকলৰ মাজত ঋণ বিতৰণ কৰা হৈছিল।

চলিত বৰ্ষৰ জুলাই মাহত, মধ্য প্ৰদেশে প্ৰধানমন্ত্ৰী এছভিএনিধি আঁচনিত 'সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্য' শ্ৰেণীৰ অধীনত প্ৰথম স্থান লাভ কৰিছে। মধ্যপ্ৰদেশৰ পাছতে অসমক এই আঁচনিৰ ক্ষেত্ৰত 'শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্য- উদ্ভাৱন আৰু শ্ৰেষ্ঠ অনুশীলন বঁটা' শ্ৰেণীত দ্বিতীয় স্থান দিয়া হৈছে।

ঋণ চৰকাৰী আঁচনি ৰাজ্যসভা