২৮ বছৰ পাছত শাস্তি প্ৰদান কৰা হ'ল ১৭ জন হত্যাকাৰীক...

যাজ্জীৱন কাৰাদণ্ড ঘোষণা কৰিলে ন্যায়ালয়ে

author-image
Asomiya Pratidin
New Update
নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা অসীম চক্রৱৰ্তীৰ জামিন আবেদন নাকচ

ডিজিটেল ডেস্ক : মধ্য প্ৰদেশৰ চাকোথি গাওঁত ১৯৯৪ চনৰ ১৫ মাৰ্চত সংঘটিত হৈছিল এক পৰিকল্পিত হত্যাকাণ্ডৰ । গাওঁখনৰে যশৱন্ত আৰু মোতিলাল নামৰ দুগৰাকী লোকক ২৫ জন লোকে হত্যা কৰিছিল চোকা অস্ত্ৰ আৰু আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰেৰে । এক পুৰণি বিবাদৰ আত লৈয়ে সংঘটিত কৰা হৈছিল এই হত্যাকাণ্ডৰ । 

Advertisment

পৰৱৰ্তী সময়ত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল যশৱন্তৰ ভাতৃ ৰমেশ চন্দ্ৰই এই ২৫ জন লোকৰ বিৰুদ্ধে । ন্যায়ালয়ত সুদীৰ্ঘ ২৮ বছৰ ধৰি চলা এই গোচৰৰ সময়ছোৱাতে মৃত্যু ঘটিছিল ৫ জন লোকৰ আৰু ৩ জন লোক বৰ্তমানো পলাতক অৱস্থাত আছে ।

অতিৰিক্ত জিলা ন্যায়াধীশ মহম্মদ আছলাম চিদ্দিকীয়ে এই গোচৰৰ শুনানিত যাজ্জীৱন কাৰাদণ্ড ঘোষণা কৰে ১৭ গৰাকী দোষীক আৰু ৩০ টকাকৈ জৰিমণা বিহে ।

murder madhya pradesh