এইচডিএফচি বেংকৰ দ্বাৰা পৰিচালিত শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰৰ বাবে “মাইপ্ৰেয়াৰ এপ” মুকলি…

এইচডিএফচি বেংকৰ দ্বাৰা পৰিচালিত শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰৰ বাবে “মাইপ্ৰেয়াৰ এপ” মুকলি…

author-image
asomiyapratidin
New Update
এইচডিএফচি বেংকৰ দ্বাৰা পৰিচালিত শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰৰ বাবে “মাইপ্ৰেয়াৰ এপ” মুকলি…

ডিজিটেল ডেস্ক :  নিজৰ একক প্ৰচেষ্টাত শ্ৰী মাতা বৈষ্ণো দেৱী তীৰ্থ বোৰ্ডে এইচডিএফচি বেংকৰ দ্বাৰা পৰিচালিত নিজা এপ' মুকলি কৰিছে। এইচডিএফচি বেংকৰদ্বাৰা পৰিচালিত মাইপ্ৰেয়াৰ এপৰ দ্বাৰা বেংকৰ নিজা এছমাই এপ ৰেঞ্জৰ ভক্তসকলে লাইভ দৰ্শন আৰু আৰতি চোৱাৰ সুযোগ লাভ কৰিব। ইয়াৰ উপৰিও দান আগবঢ়াব পাৰিব আৰু প্ৰসাদ ঘৰৰ দুৱাৰ মুখতে সহজে লাভ কৰিব।

Advertisment

   এই এপ'টো 'মাতা বৈষ্ণো দেৱী'ৰে পৰিচিত, যিটো উৎসৱ বতৰৰ প্ৰাকক্ষণত মুকলি কৰা হৈছে। ইয়াৰদ্বাৰা সেই লাখৰ সংখ্যাৰ শ্ৰদ্ধালো উপকৃত হ'ব, যিসকলে পৰম্পৰাগত ভাৱে মন্দিৰলৈ আহে কিন্তু ক'ভিড-১৯ মহামাৰীৰ বাবে যাত্ৰা নিষিদ্ধ হোৱাৰ বাবে এইবাৰ দৰ্শন কৰাত অসমৰ্থ হ'ব। এই এপ'টো ডিজিটেলৰ জৰিয়তে অনুষ্ঠানিক ভাৱে মুকলি কৰে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল তথা শ্ৰী মাতা বৈষ্ণো দেৱী শ্ৰাইন বৰ্ডৰ অধ্যক্ষ মনোজ সিনহাই ।

এই এপ' সম্পৰ্কে এইচডিএফচি বেংকৰ গভর্নমেণ্ট আৰু ইনষ্টিটিউচনেল বিজিনেছ, ই-কমার্চ আৰু ষ্টাৰ্ট-আপছ ৰাষ্ট্ৰীয় প্ৰমুখ স্মিতা ভগতে কয়- 'আমি মাতা বৈষ্ণো দেৱী মন্দিৰৰ বাবে মাইপ্ৰেয়াৰ এপ স্থাপিত কৰিবলৈ পায় সুখী হৈছোঁ আৰু  লক্ষ্যাধিক লোকৰ সেৱাৰ বাবে হওক এপ'টো।এই এপটো গুগ'ল প্লেষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব। যিটো সম্পূৰ্ণৰূপে বৈষ্ণো দেৱী মন্দিৰৰ বাবে তৈয়াৰ কৰা হৈছে।

মাইপ্ৰেয়াৰ এপ'টো বেংকৰ মাই এপ ৰেঞ্জৰ অংশ, যি বগা চুইট লেবল এপ'। যিয়ে ধাৰ্মিকস্থল, পৌৰনিগম, হাউছিং চ'ছাইটি, স্মাৰ্টচিটি, ক্লাবৰ উপৰি জিমখানাৰ পৰিস্থিতিতন্ত্ৰ সম্পূৰ্ণৰূপে ডিজিটাইজ কৰি তোলাত সক্ষম। এই এপ'টো বেংক কৌশলৰ এক অংশ, যিয়ে বেংকিং কাৰ্যক পৰৱৰ্তী স্তৰলৈ ডিজিটেলকৰণ কৰি আগুৱাই নিয়াত গুৰুত্ব প্ৰদান কৰে।

 মাতা বৈষ্ণো দেৱীৰ প্ৰতি উৎসৰ্গিত এই তীৰ্থস্থান তিনিটা শৃংগযুক্ত পাহাৰৰ ভাঁজত অৱস্থিত, যাৰ নাম ত্ৰিকুটিন জম্মু-কাশ্মীৰ।ভৌগলিক প্ৰত্যাহ্বান আৰু মহামাৰীৰ বাবে যাত্ৰাৰ প্ৰতিবন্ধকতা বোৰৰ প্ৰতি লক্ষ্য লক্ষ্য ৰাখি মুকলি কৰা এই এপ'টোৱে পূজাৰী সকলোকো লাভম্বিত কৰিব।