সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ অস্থি সংগ্ৰহ

সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ অস্থি সংগ্ৰহ

author-image
asomiyapratidin
New Update
সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ অস্থি সংগ্ৰহ

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ বিয়োগত শোকাস্তব্ধ হৈ পৰিছে দেশ।ৰবিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, ৰাজ্যপালকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা অগনন গুণমুদ্ধৰ উপস্থিতিত মুম্বাইৰ শিৱাজী পাৰ্কত শেষাকৃত সম্পন্ন হয় ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰৰ।

Advertisment

গায়িকা গৰাকীৰ মুখাগ্নি কৰে ভাতৃ হৃদয়নাথ মংগেশকাৰ আৰু ভতিজাক আদিনাথে।ৰবিবাৰে সন্ধিয়া ৭.১৬ বজাত সম্পন্ন হয় শেষাকৃত অনুষ্ঠান।৮ জনকৈ পণ্ডিতে অংশগ্ৰহণ কৰে দাহ-সংস্কাৰত।

তাৰপিছতেই সোমবাৰে মুম্বাইৰ শিৱাজী পাৰ্কত উপস্থিত হৈ লতা মংগেশকাৰৰ ভতিজাক আদিনাথ মংগেশকাৰে কিংবদন্তী বিশিষ্ট গায়িকা গৰাকীৰ অস্থি সংগ্ৰহ কৰে।

উল্লখ্য যে, কেইবাদিনৰ পৰা হস্পাতালত ভৰ্তি হৈ আছিল কোকিলকণ্ঠী গৰাকী। চিকিতসকৰ অশেষ চেষ্টাৰ পিছতো ৰবিবাৰে ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তী শিল্পী গৰাকীয়ে।

mumbai lata mangeshkar Shivaji Park