/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c2a50f77-e136-4cea-90fc-9b64c6f92cbe/modi.jpg)
lata mangeshkar birthday
ডিজিটেল ডেস্ক : বুধবাৰে ভাৰত ৰত্ন মেল'ডি কুইন লতা মংগেশকাৰৰ জন্মদিন। তেওঁৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে স্মৰণ কৰে। তেওঁ টুইটত উল্লেখ কৰে যে "লতা দিদীৰ জন্মদিনত তেখেতক স্মৰণ কৰিছো। তেখেতৰ বহু কথা আজি মনলৈ আহিছে।"
লগতে তেওঁ উল্লেখ কৰে যে - "মই সুখী যে অযোধ্যাৰ এটা চ'ক তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। এইয়া ভাৰতৰ অন্যতম মহান ব্যক্তিত্বৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি।"
Remembering Lata Didi on her birth anniversary. There is so much that I recall…the innumerable interactions in which she would shower so much affection. I am glad that today, a Chowk in Ayodhya will be named after her. It is a fitting tribute to one of the greatest Indian icons.
— Narendra Modi (@narendramodi) September 28, 2022
লতা মংগেশকাৰৰ জন্ম ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত ইন্দোৰত হৈছিল। তেওঁ দেশৰ আটাইতকৈ প্ৰভাৱশালী আৰু প্ৰতিভাশালী গায়িকা হিচাপে পৰিচিত। লতা মংগেশকাৰে ৮ দশকৰো অধিক সময় ভাৰতীয় চলচ্চিত্ৰ জগতত সংগীতৰ সৈতে জড়িত আছিল।
তেওঁক মেল'ডিৰ ৰাণী, সুৰৰ কোকিলা, দ্য ভইচ অফ দ্য চেঞ্চুৰী বুলি জনা যায়। তেওঁ কিছুমান বিদেশী ভাষাত গান গোৱাৰ উপৰিও ৩৬ টা ভাৰতীয় ভাষাত গান গাইছিল। লতা মংগেশকাৰে ইংৰাজী, ইণ্ডোনেচিয়ান, ৰাছিয়ান, ডাচ্চ, নেপালী ভাষাতো গান গাইছিল।