/asomiyapratidin/media/media_files/2025/04/26/ziFTswbEy0ksiq4MIuxg.jpg)
ডিজিটেল ডেস্কঃ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে উত্তৰ ছিকিম। প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনে বিধ্বস্ত কৰিছে উত্তৰ ছিকিমৰ বিশাল অঞ্চল।
থানা, গুৰুদ্বাৰ, আই টি বি পি শিবিৰ আৰু কাষৰীয়া গাঁৱসমূহত পৰ্যটকৰ থকাৰ ব্যৱস্থা কৰা হৈছে। এক সংবাদ মাধ্যমৰ আগত ভুটিয়াই কয় যে শুকুৰবাৰে পুৱা পৰ্যটকসকলক গেংটকলৈ পঠোৱাৰ ব্যৱস্থাও কৰা হৈছে।
বৃহস্পতিবাৰৰ পৰা হোৱা প্ৰবল বৰষুণৰ বাবে চুংথাঙৰ পৰা লাচেনলৈ যোৱা পথত মুনসিথাঙৰ সমীপত ভূমিস্খলন সংঘটিত হয়। আনহাতে, চুংথামৰ পৰা লাচুংলৈ যোৱাৰ পথত লিমাত ভূমিস্খলন সংঘটিত হয়।
ফলত লাচেন আৰু লাচুঙলৈ যোৱা পৰ্যটকসকল ভূমিস্খলনৰ বাবে পথত আবদ্ধ হৈ পৰে। শুকুৰবাৰৰ পৰা উত্তৰ ছিকিমত পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।
পৰিস্থিতিৰ উন্নতি নোহোৱালৈকে কোনো পৰ্যটককে উত্তৰ ছিকিমলৈ আহিবলৈ পৰামৰ্শ দিয়া হোৱা নাই। যিসকল পৰ্যটক এই অঞ্চলটোত আছে তেওঁলোকক পৰিস্থিতি উন্নত হ’লেহে হোটেলৰ পৰা ওলাই যাবলৈ পৰামৰ্শ দিয়া হৈছে।