/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/01033a8e-beba-46e4-b3ea-7c5422881104/lalu.jpg)
lalu prasad, nitish kumar meet sonia gandhi
ডিজিটেল ডেস্ক: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ নেতা লালু প্ৰসাদ যাদৱে দেওবাৰে সাক্ষাৎ কৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক।এই বৈঠকত ২০২৪ চনৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ বাবে বিৰোধী দল সমূহে একত্ৰিত হৈ ৰণনীতি তৈয়াৰ কৰাৰ ওপৰত চৰ্চা কৰে।
শনিবাৰে দিল্লীত লালু প্ৰসাদ উপস্থিত হোৱাৰ পাছতেই উপস্থিত হয় নীতিশ কুমাৰ। তাৰ পাছতেই আজি কংগ্ৰেছৰ নেত্ৰী গৰাকীক সাক্ষাতৰ পাছত নীতিশ কুমাৰ আৰু লালু প্ৰসাদ যাদৱে এক সযুক্ত সংবাদ বিবৃতিত কয় যে আমি ''ছোনিয়া গান্ধীক লগ কৰিলো। আমি দেশৰ বিভিন্ন দলক একত্ৰিত কৰি প্ৰগতি কৰিব বিচাৰো। কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ পাছত পৰৱৰ্তী চৰ্চা হ'ব''।
লালু প্ৰসাদ যাদৱে কয় যে ''বিহাৰৰ পৰা বিজেপিক বিদায় দিছো।এতিয়া দেশৰ পৰা বিদায় কৰিব লাগে।দেশ ৰক্ষা কৰিবলৈ হ'লে বিজেপিক আঁতৰাব লাগিবই।তাৰ বাবে আমি সকলোৱে একত্ৰিত হ'ব লাগিব''।
বিৰোধীক একত্ৰিত কৰিবৰ বাবে ছোনিয়া গান্ধীৰ ১০ জনপথৰ আৱাসত অনুষ্ঠিত হোৱা এই বৈঠক খন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছে।ইয়াৰ দ্বাৰা বহু সৰু সৰু দলো একত্ৰিত হোৱাৰ সম্ভাৱণা আছে।