Advertisment

দ্বিতীয় ফিট ইণ্ডিয়া কুইজত বিশ্বনাথ নৱোদয়ৰ লাহি দাস শ্ৰেষ্ঠ...

দ্বিতীয় ফিট ইণ্ডিয়া কুইজত বিশ্বনাথ নৱোদয়ৰ লাহি দাস শ্ৰেষ্ঠ...

author-image
Asomiya Pratidin
New Update
দ্বিতীয় ফিট ইণ্ডিয়া কুইজত বিশ্বনাথ নৱোদয়ৰ লাহি দাস শ্ৰেষ্ঠ...

দ্বিতীয় ফিট ইণ্ডিয়া কুইজত বিশ্বনাথ নৱোদয়ৰ লাহি দাস শ্ৰেষ্ঠ...

ডিজিটেল ডেস্কঃ দ্বিতীয় ফিট ইণ্ডিয়া কুইজ প্ৰতিযোগিতাৰ প্ৰাথমিক পৰ্যায়ৰ ফলাফল সমূহ বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে। ফলাফল অনুসৰি শোণিতপুৰ জিলাৰ বিশ্বনাথস্থিত নৱোদয় বিদ্যালয়ৰ লাহি দাসে প্ৰথমস্থান দখল কৰিবলৈ সক্ষম হৈছে।

Advertisment

আনহাতে প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্যায়ত ল'ৰাৰ শাখাত গুজৰাটৰ প্ৰতিকসিং, তেলেংগানাৰ স্বপ্নীল দেশপাণ্ডে, উত্তৰ প্ৰদেশৰ শ্বাস্বত মিশ্ৰই প্ৰথমস্থান দখল কৰাৰ বিপৰীতে ছোৱালীৰ শাখাত পঞ্জাৱৰ জাশানপ্ৰীত কৌৰ,আকৃতি কৌশাল আৰু উত্তৰ প্ৰদেশৰ স্তুতি অৱস্থিয়েও প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, দ্বিতীয় ফিট ইণ্ডিয়া নেশ্যনেল ফিটনেছ এণ্ড স্প'ৰ্টছ কুইজ ফৰ স্কুল যোৱা ২৯ আগষ্টত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আন আন কেন্দ্ৰিয় মন্ত্ৰীৰ উপস্থিতিত উদ্বোধন কৰিছিল। এই প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১৬ হাজাৰ ৭০২ খন বিদ্যালয়ৰ ৬১ হাজাৰ ৯৮১ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।

ইয়াৰ ভিতৰত সৰ্বাধিক প্ৰতিযোগিয়েই আছিল উত্তৰ প্ৰদেশৰ। ৰাজ্যখনৰ মুঠ ৫৩৬৮ খন বিদ্যালয়ৰ পৰা ২০ হাজাৰ ৪৭০ গৰাকী শিক্ষাৰ্থীয়ে এই অনলাইন কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। আনহাতে সৰ্বাধিক অংশগ্ৰহণকাৰীৰ তালিকাৰ দ্বিতীয় স্থানত আছিল গুজৰাট আৰু তৃতীয় স্থানত আছিল মধ্য প্ৰদেশ।

এই কুইজ প্ৰতিযোগিতাৰ প্ৰাথমিক পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল যোৱা ৮ আৰু ৯ ডিচেম্বৰত। এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দায়িত্বত আছিল আই আই টি আৰু জে ই ইৰ দৰে পৰীক্ষা অনুষ্ঠিত কৰা নেশ্যনেল টেষ্টিং এজেঞ্চি।

প্ৰথম পৰ্যায়ৰ এই প্ৰতিযোগিতা আছিল মোবাইল কেন্দ্ৰিক। শিক্ষাৰ্থীসকলে নিজ ঘৰ অথবা শিক্ষানুষ্ঠানৰ পৰাই মোবাইলৰ জৰিয়তে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিল। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ৪ টা অপচন লাভ কৰিছিল।

এই কুইজ প্ৰতিযোগিতাই শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানক ৩.২৫ কোটিৰো অধিক টকাৰ আৰ্থিক পুৰষ্কাৰ লাভ কৰাৰ সুযোগ আগবঢ়াইছে। প্ৰাথমিক পৰ্যায়ৰ ফলাফল ঘোষণা হোৱাৰ পিছতে অহা এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

এই পৰ্যায়ত ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰিয় শাসিত অঞ্চলৰ মুঠ ৩৪৮ টা দলে অংশগ্ৰহণ কৰিব। ইয়াৰ মাজৰ পৰা নিৰ্বাচন কৰা হ'ব ৰাজ্যিক চেম্পিয়ন দলক।

পৰৱৰ্তী পৰ্যায়াত ৩৬ টা ৰাজ্যিক চেম্পিয়নে নেশ্যনেল চেম্পিয়নৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। নেশ্যনেল ফাইনেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব চলিত বছৰৰ জুন মাহত।

Also Read: চিৰাঙত ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ'...

ফিট ইণ্ডিয়া কুইজ