/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/1d6aeae7-e58c-4433-8ef6-7c16ff6bb9b5/29.jpg)
ডিজিটেল ডেস্ক : নাটকীয় পট পৰিৱৰ্তন। অৱশেষত অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত লালকৃষ্ণ আদৱানি উপস্থিত থকাটো নিশ্চিত হৈছে। বিভিন্ন ঘাত-প্ৰতিঘাতৰ বাবে বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ উপস্থিতিক লৈ অনিশ্চিয়তাৰ সৃষ্টি হৈছিল।
ৰাম জন্মভূমি আন্দোলনৰ অন্যতম কাণ্ডাৰী এল কে আদৱানিয়ে অৱশেষত ২২ জানুৱাৰীৰ দিনা হ'ব লগা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত যোগদান কৰিবলৈ সন্মতি প্ৰদান কৰিছে। বৰ্ষীয়ান ৰাজনীতিকগৰাকীক অনুষ্ঠানলৈ নিয়াৰ দায়িত্ব লৈছে বিশ্ব হিন্দু পৰিষদে।
উল্লেখ্য যে অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে বিজেপি শিবিৰে পূৰ্বৰে পৰা চলাই অহা আন্দোলনৰ অন্যতন গুৰি ধৰোতা আছিল লালকৃষ্ণ আদৱানি। অৱশ্যে পৰৱৰ্তী সময়ত সৃষ্টি হোৱা কেতবোৰ অনাহূত পৰিস্থিতিৰ বাবে এইগৰাকী প্ৰবীণ নেতা অনুষ্ঠানলৈ নিমন্ত্ৰিত হোৱা নাছিল।
অৱশেষত পট পৰিৱৰ্তন হোৱাত তেওঁক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লোৱা হয়।
Also Read: মেচৰ শ্ৰেষ্ঠ ডুবে : ৬ উইকেটত জয়ী টীম ইণ্ডিয়া