মণিপুৰত পৃথক প্ৰশাসনৰ দাবী কুকি-জোমি সম্প্ৰদায়ৰ, লগতে বিচাৰিছে ৫০০ কোটি টকাৰ আৰ্থিক অনুদান

মণিপুৰত পৃথক প্ৰশাসনৰ দাবী কুকি-জোমি সম্প্ৰদায়ৰ..

author-image
Asomiya Pratidin
New Update
মণিপুৰত পৃথক প্ৰশাসনৰ দাবী কুকি-জোমি সম্প্ৰদায়ৰ, লগতে বিচাৰিছে ৫০০ কোটি টকাৰ আৰ্থিক অনুদান

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মণিপুৰৰ ছাচপেনচন অৱ অপাৰেচন বিদ্ৰোহী গোটৰ দুটা সংগঠনে কেন্দ্ৰৰ শান্তি আলোচনাৰ আলোচক এ কে মিশ্ৰ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ।

Advertisment

এই বৈঠকত কুকি নেচনেল অৰ্গেনাইজেশ্যন আৰু ইউনাইটেড পিপলছ ফ্ৰণ্টৰ নেতাসকলে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে মণিপুৰৰ কুকি-জোমি জনজাতি আৰু মেইটেয় সম্প্ৰদায়ৰ লোকৰ মাজত জাতিগত সংঘৰ্ষৰ পটভূমিত জুলাই মাহত কেন্দ্ৰীয় চৰকাৰে এই সম্প্ৰদায়সমূহৰ সৈতে আলোচনাত মিলিত হৈছিল।

উল্লেখ্য যে,  কুকি-জোমি জনজাতিসকলে পৃথক প্ৰশাসন বিচাৰিছে, আনহাতে মণিপুৰ চৰকাৰ আৰু মেইটেয় সম্প্ৰদায়ে কেন্দ্ৰক গোটসমূহৰ সৈতে হোৱা ছাচপেনচন অৱ অপাৰেচন চুক্তি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। লগতে পৃথক প্ৰশাসনৰ দাবীৰ বিৰোধিতা কৰি ইয়াৰ পৰিৱৰ্তে ৰাজ্যখনৰ জনজাতি প্ৰধান পাহাৰীয়া জিলাসমূহত অৱস্থিত বৰ্তমানৰ স্বায়ত্তশাসিত জিলা পৰিষদসমূহ শক্তিশালী কৰাৰ প্ৰস্তাৱ আগবঢ়াই।

আলোচনাৰ পূর্বেই সুকীয়া প্রশাসন বিচৰা ১০ গৰাকী কুকি-জোমি বিধায়কে প্রধানমন্ত্রী নৰেন্দ্র মোডীক এখন স্মাৰক পত্ৰ প্রদান কৰে। এই স্মাৰক পত্ৰৰ যোগেদি বিধায়কসকলে চুড়াচান্দপুৰৰ লগতে পাঁচখন পাহাৰীয়া জিলাৰ বাবে মুখ্য সচিব আৰু ডিজিপি বা সমতুল্য পদৰ  সৃষ্টি কৰাৰ বাবে আহ্বান জনাই৷ লগতে কুকি-জোমি লোকৰ পুনৰ সংস্থাপনৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫০০ কোটি টকাৰ আৰ্থিক পেকেজো বিচাৰে বিধায়কসকলে।

বিধায়কসকলে স্মাৰকপত্ৰখনত উল্লেখ কৰে যে, যোৱা জুলাই মাহত ইম্ফল উপত্যকাত হোৱা বিভীষিকাময় পৰিস্থিতিৰ বাবে  এই পৰ্যন্ত আই এ এছ,  আই পি এছ,  এম চি এছ আৰু এম পি এছ বিষয়াকে ধৰি জনজাতিৰ সদস্যসকলে ইম্ফললৈ উভতি আহি নিজৰ কৰ্তব্য পালন কৰিব পৰা নাই। বিধায়কসকলে দাবী জনায় যে, চৰকাৰী কৰ্মচাৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে কুকি-জোমি প্ৰধান পাহাৰীয়া জিলাসমূহত পৃথক প্ৰশাসনিক বিষয়াৰ পদ সৃষ্টি কৰা হওঁক।

manipur violence Kuki