/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/89ee444a-5b80-4666-9dcc-d79591ad1487/AP_FOR_WEB_jee.jpg)
ডিজিটেল ডেস্কঃ পিতৃ-মাতৃৰ আশা পূৰণ কৰিব নোৱাৰি চৰম সিদ্ধান্ত বাছি ল'লে এগৰাকী যুৱতীয়ে। ৰাজস্থানৰ কোটাত আইআইটি জেইৰ বাবে প্ৰস্তুতি চলাই থকা এগৰাকী যুৱতীয়ে আত্মহত্যা কৰাৰ খবৰ আহি পৰিছে। যিদিনা ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰে তাৰ দুদিনৰ পাছত জেইই মেইনছৰ পৰীক্ষা আছিল।
ছাত্ৰীগৰাকীৰ কোঠাৰ পৰা চুইচাইড নোট উদ্ধাৰ কৰিছে আৰক্ষীয়ে। য'ত পৰীক্ষাৰ চাপৰ কথা উল্লেখ আছে। চুইচাইড নোটত লিখিছে- ''মা-দেউতা মই জেইই কৰিব নোৱাৰো সেইবাবে আত্মহত্যা কৰিলো। মই বেয়া ছোৱালী। মোক ক্ষমা কৰিবা। এয়াই অন্তিম বিকল্প আছিল''।
পৰিয়ালৰলোকে তাৎক্ষণিক চিকিৎসালয়ত ভৰ্তি কৰোৱা স্বত্বেও মৃত্যু হৈছিল যুৱতীগৰাকীৰ। আৰক্ষীয়ে জনোৱা অনুসৰি যুৱতীগৰাকীৰ পিতৃ বেংকাৰ। দৈনিক ৭ ৰ পৰা ৮ ঘন্টা অধ্য়য়ন কৰিও তেওঁ নিজকে সাজু কৰিব পৰা নাছিল।
উল্লেখ্য যে, ৩১ জানুৱাৰীত পৰীক্ষা আছিল। কোচিঙৰ পাঠ্যক্ৰম শেষ হোৱাৰ পাছত তেওঁ ঘৰৰ পৰাই পৰীক্ষাৰ প্ৰস্তুতি চলাই আছিল। নিজ ঘৰতেই তেওঁ এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।
কোটাত কিছুদিন পূৰ্বেও এজন ছাত্ৰই আত্মহত্যা কৰিছিল। ২০২৩ চনত কোটাত প্ৰায় ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছিল। আনহাতে নতুন বছৰত এয়া দ্বিতীয়টো ঘটনা।
হেল্পলাইন নম্বৰ উল্লেখ কৰা হ'ল-
মানসিক স্বাস্থ্যৰ বাবে ভান্দ্ৰেৱালা ফাউণ্ডেচন - ৯৯৯৯৬৬৬৫৫৫ বা help@vandrevalafoundation.com
টি.আই.এছ.এছ. আই.কল- ০২২২৫৫২১১১১ (সোমবাৰে-শনিবাৰে: ৰাতিপুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ)