সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ ফলক বঙালী ভাষাত লিখিবলৈ কঠোৰ নিৰ্দেশ...

কলকাতাৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাইন বৰ্ড বঙালী ভাষাত লিখিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে কলকাতা নগৰ নিগমে। ইয়াৰ বাবে নগৰ নিগমে ২০২৫ৰ ২১ফেব্ৰুৱাৰীৰ

author-image
Asomiya Pratidin
New Update
কলকাতা
ডিজিটেল ডেস্কঃ কলকাতাৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাইন বৰ্ড বঙালী ভাষাত লিখিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে কলকাতা নগৰ নিগমে। ইয়াৰ বাবে নগৰ নিগমে ২০২৫ৰ ২১ফেব্ৰুৱাৰীৰ লৈকে সময়সীমাও বান্ধি দিছে। এই তাৰিখৰ আগত কলকাতাৰ সকলো বিপনীৰ চাইনবৰ্ড বঙালী ভাষাত লিখাটো বাধ্যতামূলক কৰিছে কলকাতা নগৰ নিগমে। 
কলকাতা পৌৰ নিগমৰ পৌৰপতিয়ে সংবাদমাধ্যমত সদৰি কৰা অনুসৰি কলকাতাৰ সকলো দোকান, ৰেষ্টুৰা আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানলৈ এই সন্দৰ্ভত নিৰ্দেশ প্ৰেৰণ কৰা হৈছে। কেৱল এয়াই নহয়, নগৰ নিগমে জাৰি কৰা সকলো অধিসূচনা, পত্ৰ আৰু দস্তাবেজ সমূহো বঙালী ভাষাত প্ৰকাশ কৰাৰ কথা সদৰি কৰিছে কলকাতা পৌৰ নিগমে। 
উল্লেখ কৰা প্ৰয়োজন যে, কলকাতাৰ সকলো কাৰ্যালয়ৰ কাম-কাজ তথা দস্তাবেজ বঙালী ভাষাত প্ৰকাশিত কৰাৰ কথা ২০০৭চনতে এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। তাৰ পিছতে এই সন্দৰ্ভত কঠোৰভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। অৱশেষত এই ক্ষেত্ৰত শেহতীয়াকৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে কলকাতা পৌৰ নিগমে। 
কলকাতা