কলকাতাৰ এখন দুৰ্গা পূজাত মহিষাসুৰৰ স্থানত মহাত্মা গান্ধী...

দুৰ্গা গোঁসানীয়ে মহিষাসুৰক বধ কৰাৰ পৰিৱৰ্তে দেখা গ'ল জাতিৰ পিতা মহাত্মা গান্ধীক বধ কৰাৰ দৃশ্য

author-image
Asomiya Pratidin
New Update
অৱশেষত আহিল দেৱী বিসৰ্জনৰ সময়ঃ প্ৰশাসনে জাৰি কৰিছে বিশেষ পথ নিৰ্দেশনা...

kolkata durga puja

ডিজিটেল ডেস্ক : দুৰ্গা পূজাৰ আজি তৃতীয়টো দিন। আজি মহা অষ্টমী পূজা। পূজাৰ মাজতেই কলকাতাত দেখা গ'ল এক আচৰিত দৃশ্য। দুৰ্গা গোঁসানীয়ে মহিষাসুৰক বধ কৰাৰ পৰিৱৰ্তে দেখা গ'ল জাতিৰ পিতা মহাত্মা গান্ধীক বধ কৰাৰ দৃশ্য।

কলকাতাৰ কচবা নামৰ অঞ্চলত অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজন কৰা পূজাৰ অসুৰৰ স্থানত মহাত্মা গান্ধী সদৃশ মূৰ্তি স্থাপন কৰা হয়। এতিয়া সেই পূজাৰ ফটো বিয়পি পৰা সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে ৰাজনৈতিক মহলৰ লগতে সচেতন নাগৰিকে এনে কাৰ্যৰ বিৰোধিতা কৰাৰ লগে লগে হিন্দু মহাসভাৰ পূজা কমিটিয়ে মহাত্মা গান্ধী সদৃশ মূৰ্তিৰ পৰা চশমাযোৰ আঁতৰাই অসুৰৰ চুলি লগাই কিছু সাল-সলনি কৰে।

“আমি একো ভুল কৰা নাই। কোনোবা নহয় কোনোবাই সত্য উন্মোচন কৰিবই লাগিব।সত্য উন্মোচন কৰাটো প্ৰতিজন হিন্দুৰ কৰ্তব্য।“ এইদৰে প্ৰতিক্ৰিয়াৰ পাছত হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে মন্তব্য কৰে।

kolkata durga puja kolkata