নেত্ৰহীন বিদ্যালয়ৰ অধ্যক্ষসহ ৩ জনক গ্ৰেপ্তাৰ, ১০ বছৰ ধৰি ধৰ্ষণ নাবালিকাক

দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। একাংশ পাষাণলোকৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধও

author-image
Asomiya Pratidin
New Update
নেত্ৰহীন বিদ্যালয়ৰ অধ্যক্ষসহ ৩ জনক গ্ৰেপ্তাৰ, ১০ বছৰ ধৰি ধৰ্ষণ নাবালিকাক

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। একাংশ পাষাণলোকৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধও। ইয়াৰ মাজতে এখন বিদ্যালয়ৰ পৰা পোহৰলৈ আহিছে এক জঘন্য ঘটনা।

Advertisment

কলকাতাৰ হৰিদেৱপুৰ অঞ্চলত অন্ধ শিশুৰ বাবে এখন বিদ্যালয় আৰু শিশু গৃহত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ খবৰ আহি পৰিছে। এজাহাৰৰ পাছত আৰক্ষীয়ে অভিযান আৰম্ভ কৰি বৃহস্পতিবাৰে ৩ জন লোকক গ্ৰেপ্তাৰ কৰে। তিনিওজনৰ বিৰুদ্ধে পচকো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা লোককেইজনৰ ভিতৰত আছে সংস্থাটোৰ পৰিচালক, অধ্যক্ষ আৰু আন ৰান্ধনী। আৰক্ষীয়ে জনোৱা অনুসৰি কিশোৰীগৰাকীৰ লগত প্ৰায় ১০ বছৰ ধৰি এনে ধৰ্ষণকাণ্ড সংঘটিত হৈ আছে।

এই ঘটনাৰ পাছতে বিদ্যালয়খনৰ অন্য ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয়। এতিয়ালৈকে আৰক্ষীয়ে ৰাজহুৱা কৰা নাই অভিযুক্তসকলৰ নাম। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: ভূমি সমস্যা সমাধানৰ দাবীত জোনাইত অৱস্থান-ধৰ্মঘট পালন

crime