শস্যৰ নিম্নতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰাঃ এইবাৰ কৃষকৰ ''দিল্লী চলো'' পদযাত্ৰা

শস্যৰ নিম্নতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰাঃ এইবাৰ কৃষকৰ ''দিল্লী চলো'' পদযাত্ৰা

ডিজিটেল ডেস্কঃ পুনৰ আৰম্ভ হোৱাৰ দিশে কৃষকৰ প্ৰতিবাদ। ১৩ ফেব্ৰুৱাৰীত কৃষকসকলৰ দ্বাৰা প্ৰস্তাৱিত 'দিল্লী চলো'ৰ আগতে হাৰিয়ানাৰ কৰ্তৃপক্ষই আম্বালাৰ ওচৰৰ শম্ভুত পঞ্জাৱৰ সীমান্ত ছীল কৰি দিছে। তদুপৰি কৃষকৰ এই প্ৰতিবাদমূলক পদযাত্ৰা প্ৰতিহত কৰিবলৈ জিন্দ আৰু ফতেহাবাদ আদিতো নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে।

সাধাৰণ ৰাইজৰ যাতে কোনো সমস্যা নহয়, শান্তি বিঘ্নিত নহয় তাৰ বাবে ৭ খন জিলা- অম্বলা, কুৰুক্ষেত্ৰ, কৈথল, জিন্দ, হিচাৰ, ফতেহবাদ আৰু সিৰাছাত ১১ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ মোবাইল ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে বিভিন্ন এছএমএছ সেৱাও নিলম্বন কৰিছে।

উল্লেখ্য যে, বিভিন্ন দাবী উত্থাপন কৰি সংযুক্ত কিষাণ মৰ্চা(অ-ৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই ১৩ ফেব্ৰুৱাৰীত ''দিল্লী চলো''ৰ আহ্বান জনাইছিল। ইয়াৰ অধীনত ২০০ তকৈ অধিক কৃষকে তেওঁলোকৰ দাবীসমূহ ৱৈ দিল্লীলৈ পদযাত্ৰা কৰিব। তেওঁলোকৰ দাবীৰ ভিতৰত আছে শস্যৰ বাবে নিম্নতম সমৰ্থন মূল্য (এমএছপি) নিশ্চিত কৰাৰ বাবে আইন প্ৰস্তুত কৰা। তেওঁলোকৰ দাবীসমূহ যাতে চৰকাৰে মানি লয় তাৰ বাবে তেওঁলোকৰ এই প্ৰতিবাদমূলক কাৰ্যসূচী।

কৃষকসকলক ৰাষ্ট্ৰীয় ৰাজধানী অভিমুখে যোৱাৰ পূৰ্বে তেওঁলোকৰ দাবীসমূহ আলোচনা কৰিবলৈ ১২ ফেব্ৰুৱাৰীত কেন্দ্ৰই এখন বৈঠকৰ আহ্বান জনাইছে।   ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠকত কৃষক নেতাসকলৰ সন্মুখত চৰকাৰে কিছুমান প্ৰস্তাৱ আগবঢ়াইছিল। লগতে কৈছিল যে পৰৱৰ্তী বৈঠক ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। উক্ত বৈঠকখনত পঞ্জাৱৰ মুখ্য়মন্ত্ৰী ভগৱত মানো উপস্থিত আছিল আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বৈঠকতো তেওঁ উপস্থিত থকাৰ সম্ভাৱণা আছে। গতিকে ১২ ফেব্ৰুৱাৰীৰ বৈঠকৰ পিছত সমস্যাৰ সমাধান হ'ব নে নহয় সেয়া হ'ব লক্ষণীয়।

শস্যৰ নিম্নতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰাঃ এইবাৰ কৃষকৰ ''দিল্লী চলো'' পদযাত্ৰা
দোকানলৈ আহি শিশুৰ সৈতে খেলি আছিল যুৱক, পাছত কৰি নিলে অপহৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in