Advertisment

খ্ৰীষ্টমাছৰ অনুষ্ঠানত মোডীৰ অংশগ্ৰহণৰ পাছতে কেৰালাৰ বিশপৰ সমালোচনা

বৰদিনৰ পূৰ্বে কেথলিক বিশপ সন্মিলনে এক অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনাই সমালোচিত হ'বলগীয়া হৈছে। কেৰালাত সংঘটিত হোৱা বিক্ষিপ্ত ঘটনাক কেন্দ্ৰ কৰি সমালোচনাৰ সন্মুখীন হৈছে মোডীসহ বিশপ সন্মিলনৰ নেতৃত্ব। 

author-image
Asomiya Pratidin
New Update
খ্ৰীষ্টমাছৰ অনুষ্ঠানত মোডীৰ অংশগ্ৰহণৰ পাছতে কেৰালাৰ বিশপৰ সমালোচনা

ডিজিটেল ডেস্কঃ বৰদিনৰ পূৰ্বে কেথলিক বিশপ সন্মিলনে এক অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনাই সমালোচিত হ'বলগীয়া হৈছে। কেৰালাত সংঘটিত হোৱা বিক্ষিপ্ত ঘটনাক কেন্দ্ৰ কৰি সমালোচনাৰ সন্মুখীন হৈছে মোডীসহ বিশপ সন্মিলনৰ নেতৃত্ব। 

Advertisment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এদিন পূৰ্বে দিল্লীত ভাৰতীয় কেথলিক বিশপ সন্মিলনৰ (CBCI) ৰ দ্বাৰা আয়োজিত বৰদিনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছতে কেৰালাৰ এগৰাকী জ্যেষ্ঠ অৰ্থডক্স গীৰ্জাৰ বিশপে সেই অনুষ্ঠানক তীব্ৰ সমালোচনা কৰিছে। তেওঁ সমালোচনা কৰি কয়, তাত তেওঁলোকে বিশপসকলক সন্মান জনাই আৰু 'ক্ৰিব' উপাসনা কৰে। কিন্তু ইয়াত তেওঁলোকে ক্ৰিবসমূহ ভাঙি পেলায়। 

উল্লেখ্য যে, বৰদিন উদযাপনৰ সময়ত 'ক্ৰিব' হৈছে এক গুৰুত্বপূৰ্ণ অংশ। এই ক্ৰিবে যীশুৰ জন্মক প্ৰতিনিধিত্ব কৰে। মন কৰিবলগীয়া যে, মালাঙ্কাৰা অৰ্থডক্স ছিৰিয়ান গীৰ্জাৰ মেট্ৰপলিটান জুহানন মেলেটিয়াছে পালাক্কাডৰ চৰকাৰী বিদ্যালয়সমূহত খ্ৰীষ্টমাছ উদযাপনৰ সময়ত শেহতীয়াকৈ সংঘটিত হোৱা কেতবোৰ বিক্ষিপ্ত ঘটনাৰ কথা উল্লেখ কৰিছে।  

এই বিক্ষিপ্ত ঘটনাৰে জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ নেতা। ইতিমধ্যে বিশ্ব হিন্দু পৰিষদৰ তিনিজন নেতাক আৰক্ষীয়ে আটকো কৰিছে। এই কথা উল্লেখ কৰি বিশপগৰাকীয়ে দিল্লীৰ অনুষ্ঠানক সমালোচনা কৰিছে।

পালাক্কাডৰ চৰকাৰী বিদ্যালয়সমূহত খ্ৰীষ্টমাছৰ কাৰ্যসূচীৰ সময়ত বিশ্ব হিন্দু পৰিষদৰ নেতাই প্ৰৱেশ কৰি কৃষ্ণ জন্মাষ্টমী কিয় উদযাপন কৰা নহয় বুলি প্ৰশ্ন কৰি শিক্ষাৰ্থীসকলে কিয় ছান্টা ক্লজৰ পোছাক পৰিধান কৰিছে বুলিও প্ৰশ্ন কৰিছিল। আনহাতে পাল্লাক্কাডৰ থানাথামাংগলাম চৰকাৰী বিদ্যালয়ত এটা ক্ৰিব ভাঙি পেলোৱা হৈছিল। আৰক্ষীয়ে এই ঘটনাৰো তদন্ত কৰি আছে।

কেৰালাৰ ৰাজ্যিক বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰনে পাল্লাক্কাডৰ ঘটনাৰ আঁৰত ষড়যন্ত্ৰ দেখা পাইছে। এই ষড়যন্ত্ৰৰ কথা উল্লেখ কৰি তেওঁ কয়, ''এয়া এক বৃহৎ ষড়যন্ত্ৰৰ অংশ হব পাৰে। খ্ৰীষ্টানসকলৰ সৈতে বিজেপিৰ সম্পৰ্ক বেয়া কৰিবলৈ এনে কাৰ্য কৰা হৈছে। ইয়াৰ আঁৰত থকা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হওঁক।''

কেৰালা খ্ৰীষ্টমাছ নৰেন্দ্ৰ মোডী