পদত্যাগৰ ঘোষণা! কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী...

আজি মই আপোনালোকৰ মাজলৈ আহিছো, ৰাজহুৱা আদালতত আহিছো, আপোনালোকক প্ৰশ্ন কৰিছো যে আপুনি কেজৰিৱালক সৎ নে অপৰাধী বুলি গণ্য কৰে!

author-image
Asomiya Pratidin
New Update
পদত্যাগৰ ঘোষণা! কোন হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী...

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ডাঙৰ ঘোষণা। দুদিনৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিম বুলি ঘোষণা কৰিলে কেজৰিৱালে। লগতে তেওঁ কয় যে, যদি আপুনি মোক সৎ বুলি ভাবে তেন্তে মোক ভোট দিয়ক। আজি মই আপোনালোকৰ মাজলৈ আহিছো, ৰাজহুৱা আদালতত আহিছো, আপোনালোকক প্ৰশ্ন কৰিছো যে আপুনি কেজৰিৱালক সৎ নে অপৰাধী বুলি গণ্য কৰে। মই দিল্লী আৰু দেশবাসীক প্ৰশ্ন কৰিব বিচাৰো যে কেজৰিৱাল সৎ নে অপৰাধী? বন্ধুসকল, মই দুদিন পিছত মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব ওলাইছো।

Advertisment

কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ মাজত অধিক উৎসাহ পৰিলক্ষিত হৈছে। তেওঁ দলীয় কৰ্মীক উদ্দেশ্যি কয় যে, মোৰ পদত্যাগৰ পাছত দলৰ এগৰাকী যোগ্য নেতাই মুখ্যমন্ত্ৰীৰ পদ সম্ভালিব। দলৰ বৈঠকৰ পাছত সকলো তথ্য আপোনালোকক জনোৱা হব।

মুখ্যমন্ত্ৰী কেজৰিৱালে লগতে কয় যে, জনসাধাৰণে ৰায় নিদিয়ালৈকে মই মুখ্যমন্ত্ৰীৰ চকীত বহি নাথাকো। কেজৰিৱালক যদি সৎ বুলি ভাবে, তেন্তে আগন্তুক নিৰ্বাচনত মোৰ পক্ষত ভোট দিয়ক। আপোনাৰ প্ৰতিটো ভোট মোৰ সততাৰ প্ৰমাণ পত্ৰ হ'ব। ভগৱান ৰাম বনবাসৰ পৰা উভতাৰ পাছত যিদৰে সীতাই অগ্নি পৰীক্ষা দিছিল ঠিক তেনেদৰে ময়ো অগ্নি পৰীক্ষা দিবলৈ সাজু।

লগতে কেজৰিৱালে কয়, ‘দেশৰ সকলো অবিজেপি মুখ্যমন্ত্রীক মই হাত জোৰ কৰি আবেদন জনাইছো, যদি প্ৰধানমন্ত্ৰীয়ে আপোনাৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰি জেলত ভৰাই দিয়ে, তেন্তে কোনো কাৰণতে পদত্যাগ নকৰিব, আমাৰ বাবে পদ নহয়, দেশৰ সংবিধান আৰু গণতন্ত্ৰ প্ৰয়োজনীয়।

Also Read: আৰ জি কৰ কাণ্ডঃ প্ৰমাণৰ লগত হেতালি খেলিছিল নেকি অধ্যক্ষ সন্দীপ ঘোষে?

kejriwal to resign