
ডিজিটেল ডেস্ক : আজি সুৰানীতিৰ কেলেংকাৰী সন্দৰ্ভত দিনৰ ১১ বজাত চি বি আইৰ কাৰ্যালয়ত উপস্থিত হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল । কাৰ্যালয়ত মুখ্যমন্ত্ৰীগৰাকীক সোধ-পোছ কৰা হ'ব সুৰানীতিৰ কেলেংকাৰী সন্দৰ্ভত । উল্লেখ্য যে, আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিছোদিয়া ইতিমধ্যেই কাৰাগাৰত আছে এই সুৰানীতিৰ কেলেংকাৰী সন্দৰ্ভত । এতিয়া মুখ্যমন্ত্ৰীগৰাকীক এনেদৰে সোধ-পোছৰ বাবে মতা কথাটো সহজভাৱে ল'ব পৰা নাই দলটোৰ কৰ্মকৰ্তাসকলে । মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক চি বি আইৰ কাৰ্যালয়লৈ সংগ দিব পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ।
আনহাতে, চি বি আইৰ কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে নিজৰ কাৰ্যালয়ৰ পৰাই এক অনলাইন ভিডিঅ' বাৰ্তা প্ৰচাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
এই বাৰ্তা অনুসৰি, কেজৰিৱালে দাবী কৰে যে সম্ভৱত শাসনাধিষ্ঠ বিজেপি দলেই চি বি আইক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ । আনহাতে, বিজেপিক ক্ষমতাই মূৰত ধৰা বুলি কৈ কেজৰিৱালে জনায় যে, তেখেত সম্পূৰ্ণৰূপে নিকা । যদি কেজৰিৱালক দুৰ্নীতিগ্ৰস্থ বুলি ক'বলগীয়া হয় তেন্তে ভাৰতৰ সকলো লোকেই দুৰ্নীতিগ্ৰস্ত বুলিও উল্লেখ কৰে কেজৰিৱালে । ইতিমধ্যেই দিল্লীৰ ৰাজপথ, চি বি আইৰ কাৰ্যালয়ৰ সন্মুখত দেখা গৈছে বৃহৎ জনসমাৱেশ ।
অৱশ্যে কেজৰিৱালক এই গোচৰত অভিযুক্ত ৰূপে মতা হোৱা নাই চি বি আইৰ কাৰ্যালয়লৈ বৰং এগৰাকী সাক্ষী হিচাপে হে মতা হৈছে বুলি জানিবলৈ দিয়ে চি বি আইয়ে । এতিয়া এই সোধ-পোছে কোন দিশে গতি কৰে সেইয়া আগন্তুক দিনত হ'ব লক্ষণীয় । কাৰণ একে কাৰণতেই বৰ্তমান কাৰাগাৰত বন্দী মনীষ চিছোদিয়া ।