/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/8c5ba35c-df88-4362-8450-54d00f676eaa/kejriwal.jpg)
ডিজিটেল ডেস্ক : ৰবিবাৰে আবকাৰী নীতিৰ গোচৰ সন্দৰ্ভত চি বি আইৰ জেৰাৰ সন্মুখীন হৈছিল অৰৱিন্দ কেজৰিৱাল । প্ৰায় ৯ ঘন্টাতকৈও অধিক সময় ধৰি চলা এই জেৰাৰ অন্তত অৰৱিন্দ কেজৰিৱালে সংবাদ মাধ্যমৰ সন্মুখত কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য ।
উল্লেখ্য যে, এই জেৰাৰ সময়ছোৱাত অৰৱিন্দ কেজৰিৱালক সৰ্বমুঠ ৫৬টা প্ৰশ্ন সোধা হৈছিল বুলি জনাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে, মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য অনুসৰি, চিবিআইৰ ওচৰত আবকাৰী নীতিৰ গোচৰ সন্দৰ্ভত হেনো কোনো তথ্যই নাই । সম্পূৰ্ণৰূপে ভুৱা এই গোচৰ । অৱশ্যে এই সমগ্ৰ প্ৰক্ৰিয়াটো সৌহাদ্যপূৰ্ণ আছিল বুলিও জনাই মন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, সম্পূৰ্ণ গোচৰটোৱেই অসুস্থ ৰাজনীতিৰ এক অংগ । আৰু আম আদমি পাৰ্টী হৈছে স্বচ্ছ দল । এনেধৰণৰ গোচৰৰ সৈতে দলটোৰ সকলো ধৰণৰ সম্পৰ্ক নাকচ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।