প্ৰচণ্ড শীতঃ ভক্তৰ বাবে বন্ধ হ'ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ...

প্ৰচণ্ড শীতঃ ভক্তৰ বাবে বন্ধ হ'ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ...

author-image
Asomiya Pratidin
New Update
প্ৰচণ্ড শীতঃ ভক্তৰ বাবে বন্ধ হ'ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ...

ডিজিটেল ডেস্কঃ শীতৰ বাবে বন্ধ হ'ল কেদাৰনাথ আৰু যমুনোত্ৰী মন্দিৰৰ দুৱাৰ। বুধবাৰে কেদাৰনাথ আৰু যমুনোত্ৰী মন্দিৰৰ পৰ্টেলবোৰ বন্ধ কৰি দিয়ে। কেদাৰনাথ মন্দিৰৰ দুৱাৰ পুৱা ৮.৩০ বজাত আৰু যমুনোত্ৰীৰ দুৱাৰ পুৱা ১১:৫৭ বজাত বন্ধ হয়।

Advertisment

বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ অধ্যক্ষ অজেন্দ্ৰ অজয়ে কয় যে কেদাৰনাথত সামৰণি অনুষ্ঠানত ২,৫০০ তকৈও অধিক তীৰ্থযাত্ৰী উপস্থিত আছিল। শীতকালত মন্দিৰটো বৰফত আৱদ্ধ হৈ থাকে। যাৰ বাবে বন্ধ কৰি দিয়া হয় কেদাৰনাথ মন্দিৰৰ দুৱাৰ।কেদাৰনাথৰ ওচৰৰ অঞ্চলবোৰো বৰফেৰে আগুৰি আছে।

উল্লেখ্য যে, এইবাৰ প্ৰায় ১৯.৫ লাখ ভক্তপ্ৰাণ ৰাইজে দৰ্শন কৰে কেদাৰনাথ মন্দিৰ। ইয়াৰ লগতে চাৰি ধামৰ অংশ যমুনোত্ৰী মন্দিৰৰ দুৱাৰো ভক্তসকলৰ বাবে বন্ধ কৰা হয়।

আনহাতে গঙ্গোত্ৰী ধামৰ দুৱাৰ মঙলবাৰে বন্ধ কৰা হৈছিল আৰু বদ্ৰীনাথ ধামৰ দুৱাৰ ১৮ নৱেম্বৰত বন্ধ কৰা হ'ব।

Also Read: ৭০ ৰাণত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ, ছামীয়ে সংগ্ৰহ কৰিলে ৭ টাকৈ উইকেট

kedarnath