Advertisment

গংগাত ডুবিল নাওঁঃ তিনিজনৰ মৃতদেহ উদ্ধাৰ, ১৭গৰাকী সন্ধানহীন...

বিহাৰৰ কাটিহাৰত দেওবাৰে পুৱাৰ ভাগতে গংগাত নাওঁ দুৰ্ঘটনাৰ ফলত ৩গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আনহাতে এতিয়াও ১৭গৰাকী লোকৰ সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী দলে। প্ৰাপ্ত খবৰ অনুসৰি, ৪গৰাকী লোকে সাতুৰি নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
নাওঁ দুৰ্ঘটনা

নাওঁ দুৰ্ঘটনা Photograph: (নাওঁ দুৰ্ঘটনা)

ডিজিটেল ডেস্কঃ বিহাৰৰ কাটিহাৰত দেওবাৰে পুৱাৰ ভাগতে গংগাত নাওঁ দুৰ্ঘটনাৰ ফলত ৩গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আনহাতে এতিয়াও ১৭গৰাকী লোকৰ সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী দলে। প্ৰাপ্ত খবৰ অনুসৰি, ৪গৰাকী লোকে সাতুৰি নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়।

Advertisment

গংগা নদীত হোৱা এই দুৰ্ঘটনাৰ পাছতে উদ্ধাৰকাৰী দলে  অভিযান অব্যাহত ৰাখিছে যদিও গংগাৰ প্ৰৱল সোঁতৰ বাবে উদ্ধাৰ অভিযানত কিছু বাধাৰ সৃষ্টি হৈছে। এছ ডি আৰ এফ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

দুৰ্ঘটনাত মৃত্যু হোৱা ৩গৰাকীৰ ভিতৰত দুগৰাকী বয়োজ্যেষ্ঠ আৰু এটি এবছৰীয়া শিশুও আছে বুলি প্ৰশাসনে সদৰি কৰিছে। দুৰ্ঘটনাৰ স্থানত পানীৰ গভীৰতালৈ চাই মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 

বিহাৰ