কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা উভতি নাহে : গোলাম নবী আজাদ

২০১৯ ত বিজেপিয়ে কৰ্তন কৰা ৩৭০ নং অনুচ্ছেদ উভতাই আনিব পৰা সম্ভৱ নহয়

author-image
Asomiya Pratidin
New Update
কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যদা উভতি নাহে : গোলাম নবী আজাদ

ডিজিটেল ডেস্ক : কিছু দিন পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি নিজা দল প্ৰস্তুত কৰা গোলাম নবী আজাদে কৰিলে নতুন ঘোষণা। ৰবিবাৰে সংবাদ মাধ্যমৰ সন্মুখত দিয়া ভাষ্য অনুসৰি ২০১৯ চনত বিজেপিয়ে কৰ্তন কৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ পুণৰাই উভতাই আনিব পৰা নাযায় কাশ্মীৰত। ইয়াৰ লগে লগেই কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদাও উভতি নাহে বুলি জনাই দিলে বৰ্ষীয়ান নেতা গৰাকীয়ে।

Advertisment

উত্তৰ কাশ্মীৰৰ বাৰামুল্লাত হোৱা তেখেতৰ প্ৰথমখন গণসভাত, নেতা গৰাকীয়ে আঞ্চলিক দল সমূহক আক্ৰমণ কৰি, অনুচ্ছেদ ৩৭০ উভতাই আনিবৰ বাবে জনতাক বিপথে পৰিচালিত কৰি উৎসাহিত নকৰিবলৈও মন্তব্য প্ৰদান কৰে।

ইয়াৰ উপৰিও, নেতা গৰাকীয়ে দিয়া ভাষ্য অনুসৰি কংগ্ৰেছ বৰ্তমান লুপ্ত হোৱাৰ পথত। তেনে স্থলত বৰ্তমান ভাৰতত সংসদত গৰিষ্ঠ সংখ্যক আসন অধিকাৰ কৰি অনুচ্ছেদ ৩৭০ কোনো দলেই উভতাই আনিব নোৱাৰে।

উল্লেখ্য যে, নিজা দল সন্দৰ্ভত নেতা গৰাকীয়ে মন্তব্য কৰে যে, অহা ১০ দিনৰ ভিতৰত ঘোষণা কৰিব নতুন দলটি আৰু জম্মু-কাশ্মীৰত ইমান দিনে সকলোৱে চলাই অহা শোষণৰ বিৰুদ্ধে যুজিব এই দলটিয়ে। যি শোষণ আৰু অত্যাচাৰত ইতিমধ্যে ১ লাখতকৈও অধিক লোকৰ মৃত্যু আৰু ৫ লাখতকৈও অধিক শিশু অনাথ হৈছে জম্মু-কাশ্মীৰত।

Jammu Kashmir Ghulam Nabi Azad indian national congress