কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ৰে'ল সংযোগঃ একত্ৰিত, শক্তিশালী ভাৰতৰ দিশে যুগান্তকাৰী পদক্ষেপ

কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ৰে’লপথেৰে যাত্ৰা এতিয়া কেৱল কল্পনা হৈ থকা নাই, এয়া বাস্তৱ হ’বলৈ আগবাঢ়িছে। USBRL প্ৰকল্প ভাৰতৰ ৰে’ল যোগাযোগৰ এক ঐতিহাসিক কেন্দ্ৰবিন্দু।

author-image
Asomiya Pratidin
New Update
কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ৰে'ল সংযোগঃ একত্ৰিত, শক্তিশালী ভাৰতৰ দিশে যুগান্তকাৰী পদক্ষেপ

ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ৰে’লপথেৰে যাত্ৰা এতিয়া কেৱল কল্পনা হৈ থকা নাই, এয়া বাস্তৱ হ’বলৈ আগবাঢ়িছে। উধামমপুৰ-শ্ৰীনগৰ-বৰামুল্লা ৰে'ল সংযোগ (USBRL) প্ৰকল্প ভাৰতৰ ৰে’ল যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এক ঐতিহাসিক কেন্দ্ৰবিন্দু হৈ পৰিছে।

Advertisment

এই প্ৰকল্পই কেৱল পৰ্বতৰ কঠিন ভৌগোলিক বাধা অতিক্ৰম কৰাই নহয়, ই ৰাষ্ট্ৰীয় একতাৰ প্ৰতীক, অৰ্থনৈতিক বিকাশৰ পথ আৰু সাংস্কৃতিক সংহতিৰ আধাৰ হিচাপেও থিয় দিছে। কাশ্মীৰৰ পিৰ পঞ্জাল ৰেঞ্জৰ বুকুত চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা চেনাব দলং বিশ্বৰ সৰ্বোচ্চ ৰে'ল দলং। সমূদ্ৰপৃষ্ঠৰ পৰা ৩৫৯ মিটাৰ উচ্চতাত অৱস্থিত এই ৰে’ল দলঙে আইফেল টাৱাৰকো অতিক্ৰম কৰিছে।

এই প্ৰকল্পৰ আঁৰত আছে হাজাৰ হাজাৰ ইঞ্জীনিয়াৰ, শ্ৰমিক, কৰ্মচাৰী আদি। যিয়ে নিজৰ জীৱন বিপন্ন কৰি কঠিন পৰিস্থিতিত কাম কৰি এই অসম্ভৱক সম্ভৱ কৰি তুলিছে। তেঁওলোকৰ সাহসেৰে গঢ়ি উঠিছে ৰে’ল ট্ৰেক, সুৰংগ আদি যি ভাৰতৰ ভৱিষ্যতৰ পৰিবহন ক্ষেত্ৰক ৰূপান্তৰ দিশলৈ লৈ যাব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই ৰে'ল সংযোগৰ স্বপ্নই এক অভূতপূৰ্ব গতি লাভ কৰিছে। মোডীৰ “এক ভাৰত, শক্তিশালী ভাৰত”ৰ দৃষ্টিভংগীত এই ৰে'লপথে কেৱল ধাতুৰে নহয়, বিশ্বাস আৰু সংহতিৰো পথ নিৰ্মাণ কৰিছে। 

এই ৰে'ল সংযোগে অঞ্চলটোলৈ বহু সুযোগ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। কৃষক, কাৰিকৰ আৰু সৰু ব্যৱসায়ীৰ বাবে দিল্লী, মুম্বাই আৰু চেন্নাইৰ বজাৰ এতিয়া কাষ চাপি আহিব।পৰ্যটনৰ ক্ষেত্ৰতো বিপুল সম্ভাৱনা সৃষ্টি হ’ব।

ভাৰতৰ এই ৰে'ল সংযোগ কেৱল চহৰ বা গাঁৱে গাঁৱেই সংযোগৰ সৃষ্টি নকৰে, ই মন আৰু হৃদয়ো সংযুক্ত কৰিব। এই যাত্ৰাত যাত্ৰীসকলে ভাৰতৰ ভাষা, খাদ্য, ধৰ্ম, সংস্কৃতিৰ বৈচিত্ৰ্য অনুভৱ কৰিব, যিয়ে সহানুভূতি, বুজাবুজি আৰু সম্প্রীতিৰ বীজ ৰোপণ কৰিব।

আধুনিক ভাৰতীয় ৰে'লৱেয়ে বৰ্তমান বন্দে ভাৰত এক্সপ্ৰেছৰ দৰে আধুনিক ৰে'লৰ জৰিয়তে নতুন যুগৰ সূচনা কৰিছে। এনে আধুনিকৰণে ৰে'ল যাত্ৰাৰ লগতে সংযোগো শক্তিশালী কৰি তুলিছে।Wi-Fi, GPS, পৰিষ্কাৰ ষ্টেচন আৰু অন-ব’ৰ্ড মনোৰঞ্জনৰ ব্যৱস্থাই যাত্ৰীসকলক যাত্ৰাকালত এক স্মৰণীয় অভিজ্ঞতা আহৰণৰ সুযোগ দিছে।

ইতিমধ্যে এই ৰে'লপথৰ অধিকাংশ অংশ সম্পূৰ্ণ হৈ উঠিছে। অৱশ্যে কিছুমান অংশৰ কাম এতিয়াও চলি আছে। এই ৰে'লপথ সম্পূৰ্ণ হ’লে, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ৰে'ল যাত্ৰা সম্ভৱ কৰি তোলাই নহয়, ইয়াৰ মাজৰ দূৰত্বক হ্ৰাস কৰিব। এই প্ৰকল্পই দেশবাসীৰ হৃদয়কো সংযোগ কৰিব, যিয়ে আগন্তুক প্ৰজন্মৰ বাবে এক অধিক একত্ৰিত, সুদৃঢ় আৰু সমৃদ্ধ ভাৰতৰ বাট মুকলি কৰিব। 

 

জন্মু কাশ্মীৰ ভাৰতীয় ৰে'লৱে