দলবদ্ধ ধৰ্ষণৰ বলি হোৱা মহিলাক মুখ বন্ধ কৰিবলৈ আৰক্ষীয়ে হাতত গুজি দিলে ২০০০ টকা...

সন্তানৰ সন্মুখতে মহিলাক বাছ চালক, পৰিচালকসহ ৩ জনে ধৰ্ষণ কৰাৰ লগতে আৰক্ষীয়েও ভুক্তভোগী মহিলাৰ হাতত ২০০০ টকা তুলি দি তেওঁৰ মুখ বন্ধ কৰিবলৈহে অপচেষ্টা কৰাৰ অভিযোগ উঠিছে।

author-image
Tushar Pratim
New Update
দলবদ্ধ ধৰ্ষণৰ বলি হোৱা মহিলাক মুখ বন্ধ কৰিবলৈ আৰক্ষীয়ে হাতত গুজি দিলে ২০০০ টকা...

ডিজিটেল ডেস্কঃ পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা পোহৰলৈ আহিছে। এগৰাকী মহিলাক তেওঁৰ সন্তানৰ সন্মুখতে এখন বাছৰ চালক, পৰিচালকসহ ৩ জন লোকে ধৰ্ষণ কৰাৰ লগতে আৰক্ষীয়েও ভুক্তভোগী মহিলাগৰাকীৰ হাতত ২০০০ টকা তুলি দি তেওঁৰ মুখ বন্ধ কৰিবলৈহে অপচেষ্টা কৰাৰ অভিযোগ উঠিছে।

Advertisment

কৰ্ণাটকৰ দভাংগেৰেত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে ভুক্তভোগী মহিলাগৰাকীয় হাৰাপানহল্লী অঞ্চলৰ পৰা এটা মন্দিৰলৈ গৈছিল। সেই সময়ত তেওঁৰ লগত আছিল দুই সন্তান। মন্দিৰ দৰ্শন কৰি তেওঁলোক এখন ৰাজহুৱা বাছত উঠি পুনৰ গৃহ অভিমুখে ৰাওনা হয়।

সেই সময়ত বাছত আছিল মাত্ৰ ৭ ৰ পৰা ৮ জন যাত্ৰী। যাত্ৰাপথত সেই যাত্ৰীসকলো নিজ নিজ গন্তব্যস্থান পোৱাত বাছৰ পৰা নামি যোৱাত বাছখনত দুই সন্তানৰ সৈতে মহিলাগৰাকী আৰু বাছখনৰ চালক, পৰিচালক আৰু কণ্ডাক্টৰ জনহে থাকে।

বাছখনত মহিলাগৰাকী অকলশৰীয়া হৈ যোৱাত বাছখনৰ চালকজনে নিৰ্ধাৰিত পথ সলনি কৰি চান্নাপুৰাৰ সমীপৰ এটা নিৰ্জন ঠাইত বাছখন ৰখাই দিয়ে। তাৰ পাছতেই বাছৰ চালক, পৰিচালক আৰু কণ্ডাক্টৰে মহিলাগৰাকীৰ দুই সন্তানক বান্ধি মহিলাগৰাকীক সন্তানৰ সন্মুখতে ধৰ্ষণ কৰে। 

তিনি পাষণ্ডৰ নিৰ্মম যৌন অত্যাচাৰত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত দূৰৈৰ কৃষি পথাৰত কাম কৰি থকা কেইবাজনো কৃষক আহি সেই স্থানত উপস্থিত হয় আৰু মহিলাগৰাকীক দুই সন্তানৰ সৈতে উদ্ধাৰ কৰে। সমান্তৰালকৈ তিনি ধৰ্ষণকাৰী ক্ৰমে বাছ চালক প্ৰকাশ মাদিৱলাৰা, কণ্ডাক্টৰ সুৰেশ আৰু পৰিচালক দাসী ৰাজশেখৰক আৰক্ষীক চমজাই দিয়ে।

অভিযোগ অনুসৰি ইয়াৰ পাছতে মহিলাগৰাকীক ন্যায় প্ৰদানৰ বিপৰীতে স্থানীয় আৰশিকৰা আৰক্ষী থানাৰ আৰক্ষীয়ে ধৰ্ষণকাৰী তিনিওটাৰহে পক্ষ লয়। আৰক্ষী থানাত ভুক্তভোগী মহিলাগৰাকীৰ হাতত ২০০০ টকা গুজি দি সেই ধনেৰে কাপোৰ কিনি ল’বলৈ কৈ মুখ বন্ধ ৰাখিবলৈ কয়। তাৰোপৰি তেওঁক এখ উকা কাগজতো চহী কৰিবলৈ বাধ্য কৰে।

অসহায় মহিলাগৰাকীয়ে আৰক্ষীৰ এনে ভূমিকাত ঘৰলৈ যাবলৈ বাধ্য হয় যদিও অৱশ্যে পাছত তেওঁৰ ঘৰৰ কাষৰ শ্ৰীহৰি বাবু নামৰ দলিত নেতা এগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত হৈ পুনৰ আৰক্ষী থানালৈ গৈ হেঁচা প্ৰদান কৰি গোচৰ পঞ্জীয়ন কৰিবলৈ বাধ্য কৰে।

সেই হেঁচাতেই আৰক্ষীয়ে তিনি ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও মহিলাগৰাকীৰ ভাষ্য সংগ্ৰহ কৰিছে। কিন্তু এই সমগ্ৰ ঘটনাত আৰক্ষীয়ে যি ভূমিকা গ্ৰহণ কৰিলে সেই ভূমিকাই সকলোকে আচৰিত কৰাই নহয়, মানুহৰ সুৰক্ষা আৰু আৰক্ষীৰ দায়বদ্ধতাক লৈ প্ৰশ্নও উত্থাপন কৰিছে। 

দলবদ্ধ ধৰ্ষণ কৰ্ণাটক