'খেতিয়ক মন্ত্ৰী'ৰ সম্পত্তি দেখি চকু কপালত উঠিব আপোনাৰো...

'খেতিয়ক মন্ত্ৰী'ৰ সম্পত্তি দিখে চকু কপালত উঠিব আপোনাৰো...
'খেতিয়ক মন্ত্ৰী'ৰ সম্পত্তি দিখে চকু কপালত উঠিব আপোনাৰো...

ডিজিটেল ডেস্কঃ 'খেতিয়ক মন্ত্ৰী'ৰ সম্পত্তিৰ পৰিমাণ ১ হাজাৰ ৬০০ কোটিৰো অধিক। নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে মনোনয়নত বিজেপি মন্ত্ৰীয়ে উল্লেখ কৰা সম্পত্তিৰ পৰিমাণে এতিয়া সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিজেপি শাসিত কৰ্ণাটকৰ মন্ত্ৰী এন নাগাৰাজুৱে সোমবাৰে দাখিল কৰিলে তেওঁৰ মনোনয়ন। এই মনোনয়নত তেওঁ উল্লেখ কৰা অনুসৰি বৰ্তমান তেওঁৰ সম্পত্তিৰ পৰিমাণ ১ হাজাৰ ৬০৯ কোটি টকা।

তেওঁ এই সম্পত্তিৰ উৎস হিচাপে দেখুৱাইছে কৃষি আৰু ব্যৱসায়। উল্লেখ্য, ১০ মে’ত কৰ্ণাটকত অনুষ্ঠিত হ’ব ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন।

সোমবাৰে বেংগালুৰু চহৰৰ কাষৰ হস্কোটৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগবঢ়া নাগাৰাজুৱে মনোনয়ন দাখিল কৰিলে। এই মনোনয়নত তেওঁ উল্লেখ কৰা অনুসৰি তেওঁৰ পত্নীৰ শান্তাকুমাৰীৰ সৈতে তেওঁৰ মুঠ অস্থাবৰ সম্পত্তিৰ হৈছে ৫৩৬ কোটি টকাৰ।

যৌথভাৱে দুয়োৰে স্থাৱৰ সম্পত্তিৰ পৰিমাণ ১ হাজাৰ ৭৩ কোটি টকাৰ। ইয়াৰ পূৰ্বে ২০২০ ত তেওঁ নিৰ্বাচন আয়োগত দাখিল কৰা তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১ হাজাৰ ২২০ কোটি টকাৰ।

এইবাৰ তেওঁ উল্লেখ কৰা অনুসৰি তেওঁৰ নামত ৯৮ কোটি ৩৬ লাখ টকাৰ ঋণো আছে। কৰ্ণাটকৰ এই ৭২ বছৰীয়া ধনকুবেৰ বিজেপি মন্ত্ৰীজনৰ শিক্ষাগত অৰ্হতা হৈছে নৱম শ্ৰেণী পৰ্যন্ত।

২০১৮ ত তেওঁ কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল যদিও ২০১৯ ত অন্যান্য ১৭ জন বিধায়কৰ সৈতে নাগাৰাজুৱেও দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। ফলত ৰাজ্যখনত কংগ্ৰেছ চৰকাৰ ভংগ হয় আৰু বিজপেৰি চৰকাৰ গঠনৰ পথ প্ৰসস্ত হয়।

'খেতিয়ক মন্ত্ৰী'ৰ সম্পত্তি দিখে চকু কপালত উঠিব আপোনাৰো...
অট্টালিকা খহি ৪ শ্ৰমিকৰ মৃত্যুঃ ধ্বংস্তূপত এতিয়াও আৱদ্ধ বহুজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in