কৰ্ণাটকৰ শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণ গোচৰৰ আজি শুনানি...

কৰ্ণাটকৰ শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণ গোচৰৰ আজি শুনানি...

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে ৰাতিপুৱা উচ্চতম ন্যায়ালয়ত আৰম্ভ হ'ল কৰ্ণাটকৰ শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ শুনানি । ন্যায়ালয়ৰ তিনি জনীয়া বিচাৰ পীঠে কৰিব এই শুনানি । বিচাৰপীঠৰ শুনানিৰ সময়তেই দেখা গ'ল ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু ন্যায়াধীশ হেমন্ত গুপ্তাৰ মতানক্য । ন্যায়াধীশ সুধাংশু ধুলীয়াই উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে শুনানি আগবঢ়োৱাৰ বিপৰিতে ন্যায়াধীশ হেমন্ত গুপ্তাৰ শুনানিত বাহাল আছে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত ।

তেনে স্থলত, পৰৱৰ্তী সময়ত অধিক ন্যায়াধীশক অন্তৰ্ভূক্ত কৰাই প্ৰস্তুত কৰা হ'ব আন এখন বিচাৰপীঠ । উচ্চতম ন্যায়ালয়ে তাৰ পাছত সিদ্ধান্ত ল'ব কোন খন বিচাৰপীঠক দিয়া হ'ব শুনানিৰ দ্বায়িত্ব ।

এই সন্দৰ্ভত, ন্যায়াধীশ ধুলীয়াই দিয়া মন্তব্য অনুসৰি হিজাব হৈছে এগৰাকী ব্যক্তিৰ সম্পূ্ৰ্ণ ব্যক্তিগত সিদ্ধান্ত । সেই সিদ্ধান্তৰ বাবে স্তব্ধ হ'ব নেলাগে এগৰাকী শিশুৰ শিক্ষা ।

উল্লেখ্য যে, শুনানিত অহা মতানক্যৰ বাবে বৰ্তমান বাহাল থাকিব শিক্ষানুষ্ঠানত হিজাবৰ নিষিদ্ধকৰণ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in