/asomiyapratidin/media/media_files/2025/01/23/eEPLDlNcoL8gLOfYITuL.jpg)
ডিজিটেল ডেস্কঃ এইবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিলে কপিল শৰ্মাকে ধৰি কেইবাজনো কমেডিয়ান, অভিনেতাই। উল্লেখ্য যে, যোৱা সময়ছোৱাত বহু কেইবাৰ লৰেষ্ণ বিষ্ণয় গোটৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে বলিউড ছুপাৰষ্টাৰ ছলমান খানে।
তাৰ মাজতে নিজ বাসগৃহতে দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হ’ল ছঈফ আলী খান। এনে পৰিস্থিতিত এজনৰ পাছত আন এজন তাৰকা দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰাত এতিয়া স্বাভাৱিকতে ভীতিগ্ৰস্ত হৈ পৰিছে সমগ্ৰ বি-টাউন।
জানিব পৰা মতে পাকিস্তানৰ পৰা আহিছে কপিল শৰ্মাকে ধৰি কেইবাজনো তাৰকলৈ আহিছে হত্যাৰ ভাবুকি।
ইতিমধ্যে আৰক্ষীয়ে বিষয়টোক গুৰুত্বসহকাৰে লৈ আৰম্ভ কৰিছে তদন্ত।
আৰক্ষীয়ে লাভ কৰা এই ইমেইলত কোৱা হৈছে, ''নিজৰ প্ৰচাৰৰ বাবে এনে বাৰ্তা দিয়া হোৱা নাই। কোনেও এই বাৰ্তাক সাধাৰণভাৱে নল’ব। আমি আপোনালোকৰ প্ৰতিদিনৰ জীৱন যাপনৰ ওপৰত নজৰ ৰাখিছো।''