সুৰা পান কৰা ৰাম কিদৰে আদৰ্শ পুৰুষ : কে এছ ভগৱান

সুৰা পান কৰা ৰাম কিদৰে আদৰ্শ পুৰুষ : কে এছ ভগৱান

ডিজিটেল ডেস্ক : কানাড়া সাহিত্যৰ নামজ্বলা সাহিত্যিক কে এছ ভগৱানে আন এক বিতৰ্কিত মন্তব্যৰে খলকনি তুলিছে সমগ্ৰ দেশত । কৰ্ণাটকৰ মাণ্ড্যাত আয়োজিত এক কাৰ্যসূচীত ভাষণ দি তেওঁ বাল্মিকীৰ ৰামায়ণৰ প্ৰসংগ উত্থাপন কৰি প্ৰশ্ন কৰে যে পত্নী সীতাৰ সৈতে ভগৱান ৰামচন্দ্ৰই একেলগে বহি বিয়লি সুৰা পান কৰিছিল । এনে এজন ব্যক্তি কিদৰে আদৰ্শ পুৰুষ হ'ব পাৰে ? পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰই সীতাক বনবাস দিছিল বুলিও সাহিত্যিক ভগৱানে উল্লেখ কৰে ।

তেওঁ আনকি কয় যে, গছৰ তলত তপস্যা কৰি থকা শাম্বুকৰ দৰে শূদ্ৰৰ ডিঙি কাটিবলৈ কুন্ঠাবোধ কৰা নাছিল ৰামচন্দ্ৰই । উল্লেখ্য যে, ভগৱান ৰামচন্দ্ৰই ১১ হেজাৰ বছৰ শাসন কৰা বুলি দাবী কৰা হৈছিল যদিও সাহিত্যিক ভগৱানৰ মতে তেওঁ মাত্ৰ ১১ বছৰহে শাসন কৰিছিল ।

আনহাতে, ইয়াৰ পূৰ্বেও ২০১৫ আৰু ২০১৮ বৰ্ষত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবে আইন তথা ৰাইজৰ ৰোষৰ বলি হৈছিল সাহিত্যিক গৰাকী । ভাগৱত গীতা পঢ়া লোকসকল পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদী হয় বুলিও বিতৰ্কিত মন্তব্য আগবঢ়াইছিল কে এছ ভগৱানে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in