/asomiyapratidin/media/media_files/2024/11/18/4ksZdsl7Y5b9vyIxaMPn.jpg)
ডিজিটেল ডেস্কঃ দিল্লী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতা কৈলাশ গেহলটে শেহতীয়াকৈ দল ত্যাগ কৰে। ইয়াৰ পাছতে গেহলটে ৰাজহুৱা কৰে কিয় তেওঁ আম আদমী পাৰ্টি আৰু কেজৰিৱালৰ সংগ ত্যাগ কৰিলে। বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি গেহলটে কয়- আপে যি লক্ষ্য আৰু উদ্দেশ্যৰে কাম কৰাৰ প্ৰতিশ্ৰুতি দিল্লীবাসীক দিছিল সেই লক্ষ্যৰ পৰা ফালৰি কাটি গৈছে।
আপৰ সদ্য বিদায়ী নেতাগৰাকীয়ে লগতে কয়- আম আদমী পাৰ্টিয়ে নিজৰ মূল্যবোধৰ সৈতে বুজা পৰা কৰিছে। এয়া মোৰ বাবে বৰ অসহ্যকৰ আছিল। দিল্লীৰ বিকাশ, দিল্লীৰ উন্নতি আছিল আমাৰ একমাত্ৰ আৰু প্ৰধান লক্ষ্য। কিন্তু প্ৰতিদিনাই আপ চৰকাৰে কেদ্ৰীয় চৰকাৰৰ সৈতে কাজিয়া আৰু কটাক্ষ কৰি থাকিলে এয়া সম্ভৱ নহয়। যি সময়ত কেন্দ্ৰৰ সৈতে মিলাপ্ৰীতিৰে কাম কৰিব লাগিছিল, সেই সময়ত আপৰ মন্ত্ৰী বিধায়কসকলে কেৱল মাত্ৰ কটাক্ষ, সমালোচনা কৰিয়ে দিন কটাইছে।
আমাৰ লক্ষ্য আছিল আমি যেনেকৈয়ে নহওঁক দিল্লীবাসীৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিম। কিন্তু তাত আমি বিফল হ'লো। শেহতীয়া কাৰ্যকলাপ দেখি মোৰ মনত বিশ্বাস আহিল যে, বিজেপি চৰকাৰৰ সৈতে সহযোগিতাৰে আমি দিল্লীৰ উন্নতি আৰু বিকাশ সাধন কৰিব পাৰিম। সেয়েহে আমি বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত ল'লো।
উল্লেখ কৰা প্ৰয়োজন যে, দিল্লীত অহা বছৰত বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টিক মোক্ষম আঘাত দি কৈলাশ গেহলটে বিজেপিত যোগদান কৰাটো লক্ষ্যণীয় এক বিষয় হৈছে। বিজেপিত যোগদান কৰাৰ পাছতে পূৰ্বৰ সতীৰ্থ তথা দলৰ মুৰব্বী কেজৰিৱালক তীব্ৰ কটাক্ষ কৰি কয় যে, যি সময়ত দিল্লীবাসীৰ উন্নতি আৰু বিকাশৰ স্বাৰ্থত মাত মাতিব লাগিছিল, সেই সময়ত নিজৰ ক্ষমতা আৰু আসন সুৰক্ষিত কৰাৰ বাবে যুঁজ দি আছিল কেজৰিৱালে।