/asomiyapratidin/media/media_files/2025/05/22/ZQOIYhs8FdPNOAszhOHu.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত কৃষকসকলৰ মাজত ট্রেক্টৰ মালিকীস্বত্ব উল্লেখযোগ্য ভাৱে ৬২ শতাংশৰো অধিক বৃদ্ধি হৈছে। ২০১৬-১৭ বিত্তীয় বছৰত পঞ্জীয়ন হৈছিল ৮৮,০০০ খন ট্ৰেক্টৰ। ২০২৪-২৫ বিত্তীয় বৰ্ষত সেই সংখ্যা ১,৪২,২০০ লৈ বৃদ্ধি পাইছে।
ৰাজ্য চৰকাৰৰ মুখপাত্ৰই এই তথ্য সদৰী কৰি কয় যে, এই ধৰণৰ বৃদ্ধি কৃষকৰ আয় বৃদ্ধি হোৱাৰে ফল। ৰাজ্যখনত ট্ৰেক্টৰসমূহ বৰ্তমানে কেৱল হাল চলাবলৈয়ে ব্যৱহৃত নহয়, ট্ৰেক্টৰৰ ভূমিকাই কৃষিত বহুমুখী ৰূপ লৈছে।
ভূমি সমতলকৰণ, কীটনাশক ছটিয়াওঁ, বীজ ৰোপন, আলু ৰোপণ আৰু খনন, শস্য চপোৱাৰ ব্যৱস্থাপনা আদিত ট্ৰেক্টৰে মূল ভূমিকা গ্ৰহণ কৰিছে। চৰকাৰে ট্রেক্টৰ-চালিত কৃষি উপকৰণত প্ৰায় ৫০ শতাংশ ছাবছিডি প্ৰদান কৰিছে। যিয়ে শ্ৰমিক ব্যয় হ্ৰাস কৰাৰ লগতে কৃষিক কাম সহজ আৰু ফলপ্ৰসূ কৰিছে।
উল্লেখ্য যে, ২০২৪-২৫ বিত্তীয় বছৰটোত ভাৰতত প্ৰথমবাৰৰ বাবে ১০ লাখ ট্ৰেক্টৰ বিক্ৰীৰ অভিলেখ গঢ়াৰ সম্ভাৱনা আছে। পূৰ্বে ২০২৩-২৪ বৰ্ষত ৯,৩৯,৭১৩ খন ট্ৰেক্টৰ বিক্ৰী হৈছিল। যি এতিয়ালৈকে সৰ্বোচ্চ।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, ৰাজ্য চৰকাৰৰ প্ৰাধান্যত কৃষকসকলৰ স্বাৰ্থ সবোর্চ্চ। ইন্দো-গংগোটিক উপত্যকা, ৯টা এগ্ৰো-ক্লাইমেটিক জ’ন, আৰু প্ৰচুৰ জলসম্পদৰ সৈতে উত্তৰ প্ৰদেশক দেশৰ খাদ্যৰ ভঁৰাল ৰূপে গঢ়ি তোলাৰ লক্ষ্য লৈ চৰকাৰে কাম কৰিবলৈ চেষ্টা কৰিছে।
চৰকাৰে কৃষকসকলৰ মাজত কৃষি বিজ্ঞান আৰু আধুনিক পদ্ধতিৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ 'কৃষি বিজ্ঞান কেন্দ্ৰ' আৰু 'মিলিয়ন ফাৰ্মাৰ্ছ স্কুল' প্ৰকল্পৰ জৰিয়তে সচেতনতা বৃদ্ধি কৰিছে। বনসাগৰ, জাতীয় সৰ্যূ কেনেল আৰু অৰ্জুন সহায়ক প্ৰকল্প আদি হাতত লোৱা হৈছে।
গম আৰু ধানৰ ন্যূনতম সহায় মূল্য (MSP) সময়মতে প্ৰদান কৰাৰ লগতে নৱ সংযোজিত শস্য বিশেষকৈ শ্ৰীধান (millets)কো অন্তৰ্ভুক্ত কৰা হৈছে। ৫০ লাখৰো অধিক চেনি কঁলনি, কৃষকসকল বাবে সময়মত পেমেন্ট, চেনি কলৰ আধুনিকীকৰণ, নতুন কল স্থাপন, PM-Kisan Yojana সফল ৰূপায়ণে কৃষকৰ আয়ত উল্লেখযোগ্য ভাৱে বৃদ্ধি ঘটাইছে।