বিজেপিৰ হৈ জুবিনৰ নিৰ্বাচনী প্ৰচাৰ...

বিজেপিৰ হৈ জুবিনৰ নিৰ্বাচনী প্ৰচাৰ...

author-image
Asomiya Pratidin
New Update
বিজেপিৰ হৈ জুবিনৰ নিৰ্বাচনী প্ৰচাৰ...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে, সিমানেই তীব্ৰতৰ হৈ পৰিছে দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ। এই সময়ছোৱাতে ভোটাৰক প্ৰলোভিত কৰিবলৈ ন ন অস্ত্ৰৰ সন্ধান কৰিছে দল আৰু প্ৰাৰ্থীয়ে, নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজ গোটাবলৈ দিয়া হৈছে ধনৰ প্ৰলোভন। কিন্তু এইবাৰ প্ৰাৰ্থীৰ জনসভাত মানুহ গোটাবলৈ মঞ্চত জনপ্ৰিয় কণ্ঠশিল্পীক থিয় কৰালে বিজেপিয়ে।

Advertisment

বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়ালক লগত লৈ উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গ'ল বিজেপিক। শুকুৰবাৰে ৰাজ্যখনৰ পাৰুই গড়ৱাল লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী অনিল বলুনীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰচাৰ সভাৰ পৰা গীতেৰে উপস্থিত জনতাক আমোদ দিয়ে কণ্ঠশিল্পী জুবিন নটিয়ালে।

আনহাতে একেখন মঞ্চৰ পৰা মাণ্ডি লোকসভা সমষ্টিৰ পৰা এইবাৰ বিজেপিৰ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হোৱা অভিনেত্ৰী কংগনা ৰানাৱটৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰে জুবিন নটিয়াল। কিন্তু ৰাজনৈতিক প্ৰাৰ্থীৰ হৈ এনেদৰে তাৰকা কণ্ঠশিল্পীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাক লৈ এতিয়া ক্ষুণ্ণ হৈ পৰিছে তেওঁৰ একাংশ সমৰ্থক।

জুবিন নটিয়ালে ৰাজনীতিৰ তৈলমৰ্দন এৰি নিজৰ গীতৰ ওপৰত গুৰুত্ব দিয়া উচিত বুলিও বহু অনুৰাগীয়ে এতিয়া উভতি পৰামৰ্শ আগবঢ়োৱা দেখা গৈছে।

বিজেপি