বিৰোধীৰ হুলস্থুলীয়া পৰিবেশৰ মাজতে সংসদ দাখিল ৱাকফ বিধেয়কৰ জেপিচিৰ প্ৰতিবেদন...

হুলস্থুলীয়া পৰিবেশৰ মাজতে আজি সংসদত দাখিল কৰা হয় ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত সংসদৰ যুটীয়া সমিতিৰ প্ৰতিবেদন। ৰাজ্যসভাত এই বিধেয়ক দাখিল কৰে মেধা বিষ্ৰম কুলকাৰ্ণীয়ে।

author-image
Asomiya Pratidin
New Update
বিৰোধীৰ হুলস্থুলীয়া পৰিবেশৰ মাজতে সংসদ দাখিল ৱাকফ বিধেয়কৰ জেপিচিৰ প্ৰতিবেদন...

ডিজিটেল ডেস্কঃ হুলস্থুলীয়া পৰিবেশৰ মাজতে বৃহস্পতিবাৰে সংসদত দাখিল কৰা হয় ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত সংসদৰ যুটীয়া সমিতিৰ প্ৰতিবেদন।ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰে পেনেলৰ সদস্য মেধা বিষ্ৰম কুলকাৰ্ণীয়ে।

Advertisment

এই প্ৰতিবেদনৰ বিৰুদ্ধে বিৰোধীয়ে সদনত শ্ল’গান দিয়াৰ মাজতে জেপিচিৰ অধ্যক্ষ তথা বিজেপিৰ সাংসদ জগদম্বিকা পালে বিধেয়কখন বিয়লি ২ বজালৈ স্থগিত ৰাখে আৰু পিছত লোকসভাত উত্থাপন কৰে। ৰাজ্যসভাত বিৰোধী দলৰ সাংসদসকলে ৱাকফ বিধেয়কখনৰ ওপৰত জেপিচিক “পক্ষপাতমূলক” আৰু “একপক্ষীয়” বুলি অভিযোগ কৰে।

তেওঁলোকে কয়, পেনেলৰ সদস্যসকলে দাখিল কৰা মতানৈক্যৰ টোকাসমূহ পেনেলৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে অৱশ্যে এই অভিযোগ নাকচ কৰে। প্ৰতিবেদন দাখিল কৰাৰ পিছতে বিৰোধী সদস্যসকলে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ ফলত অধ্যক্ষ জগদীপ ধনখৰে সদন কিছু সময়ৰ বাবে স্থগিত ৰাখে।

পুনৰ সদনৰ কামকাজ আৰম্ভ হয় যদিও বিৰোধীসদস্যসকলে তেওঁলোৰৰ মতানৈক্যৰ টোকাসমূহ অন্তৰ্ভুক্ত নকৰাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখে। তাৰ মাজতেই বিৰোধী সদস্যসকলে ৱাকআউট কৰে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, “ৱাকফ ব’ৰ্ডৰ জেপিচিৰ প্ৰতিবেদনত বহু সদস্যৰ মতানৈক্যৰ প্ৰতিবেদন আছে। সেই টোকাবোৰ আঁতৰাই আমাৰ মতামতক বুলডজাৰ কৰি দিয়াটো ঠিক নহয়। এয়া গণতন্ত্ৰ বিৰোধী আৰু নিন্দনীয়। বাহিৰৰ পৰা ‘ষ্টকহোল্ডাৰ’সকলক মাতি অনা হৈছিল আৰু তেওঁলোকৰ বক্তব্য লোৱা হৈছিল। মতানৈক্যৰ প্ৰতিবেদন মচি পেলোৱাৰ পিছত দাখিল কৰা যিকোনো প্ৰতিবেদনক মই গৰিহণা দিছো।’

এই প্ৰতিবেদনক “ভুৱা প্ৰতিবেদন” বুলি অভিহিত কৰি তেওঁ লগতে কয় যে ইয়াক প্ৰত্যাহাৰ কৰি এখন কমিটীলৈ ঘূৰাই পঠিয়াব লাগে। খাৰ্গেয়ে কয় যে আমি কেতিয়াও এনে ভুৱা প্ৰতিবেদন গ্ৰহণ নকৰো। যদি প্ৰতিবেদনত বিৰোধীৰ মতানৈক্যৰ মতামত নাথাকে তেন্তে পুনৰ প্ৰেৰণ কৰি পুনৰ দাখিল কৰিব লাগে।

লোকসভাতো ৱাকফ বিধেয়ক সন্দৰ্ভত জেপিচিৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতে বিৰোধী দলৰ সাংসদসকলে ৱাকআউট কৰে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কয় যে, সাংসদসকলক ৬৫৫ পৃষ্ঠাৰ প্ৰতিবেদন পঢ়িবলৈ এৰাতি সময় দিছে। তেওঁ কয়, “এটা নিশা ৬৫৫ পৃষ্ঠাৰ প্ৰতিবেদনখন পঢ়িবলৈ দিয়া হৈছিল। আমাৰ আপত্তি দাখিল কৰিবলৈ সময় প্ৰায়েই নাছিল। যদি আপুনি সভাৰ কাৰ্য্যবিৱৰণী পৰীক্ষা কৰে তেন্তে আপুনি দেখিব যে দফা অনুসৰি কোনো ধৰণৰ আলোচনা হোৱা নাছিল। আমি সকলোৱে বহু জেপিচিৰ অংশ হৈ আহিছো, আৰু দফা অনুসৰি আলোচনা আটাইতকৈ গুৰুত্বপূৰ্ণ। কিন্তু এইবাৰ এইসমূহক গুৰুত্বহীন কৰা হৈছিল। কাৰ প্ৰভাৱত অধ্যক্ষই এনে কাম কৰি আছে? ইয়াৰ প্ৰতিবাদত আমি আজি ৱাক আউট কৰিছো।

এআইএমআইএমৰ সাংসদ আছাদুদ্দিন ওৱাছিয়ে কয় যে ৱাকফ বিধেয়কখন অসাংবিধানিক আৰু সংবিধানৰ ১৪, ১৫ আৰু ২৯ নং অনুচ্ছেদ উলংঘা কৰা হৈছে। তেওঁ কয়, 'এই বিধেয়কখন কেৱল অসাংবিধানিক নহয় আৰু সংবিধানৰ ১৪, ১৫ আৰু ২৯ নং অনুচ্ছেদ উলংঘা কৰা হৈছে, ই ৱাকফক বচাবলৈ নহয় বৰঞ্চ ইয়াক ধ্বংস কৰি মুছলমানৰ পৰা কাঢ়ি লোৱাৰ বাবেহে। আমি এই বিধেয়কখনক গৰিহণা দিছো। 

ইফালে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আশ্বাস দিয়ে যে, নেতাসকলৰ মতানৈক্যৰ টোকাসমূহ প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হৈছে আৰু প্ৰতিবেদনখনক অবৈধ আৰু অসাংবিধানিক বুলি অভিহিত কৰাটো সঠিক নহয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰিজিজুৱে দৃঢ়তাৰে কয় যে, গোটেই প্ৰতিবেদনখন দাখিল কৰা হৈছে, আৰু পৰিশিষ্টটোও সদনত দাখিল কৰা হৈছে।

ৰিজিজুয়ে কয় যে, "যদি বিৰোধী টোকাসমূহে কমিটীক তিৰস্কাৰ কৰে, তেন্তে প্ৰয়োজন হ'লে ইয়াক আঁতৰোৱাৰ ক্ষমতা অধ্যক্ষৰ আছে। নিয়ম অনুসৰি অধ্যক্ষৰ এই ক্ষমতা আছে। যদি সদস্যসকলে ভাবে যে কিবা আঁতৰাব নালাগিছিল, তেন্তে তেওঁলোকে অধ্যক্ষক সুধিব পাৰে। জেপিচিৰ প্ৰতিবেদনক অবৈধ আৰু অসাংবিধানিক বুলি কোৱাটো সঠিক নহয়। এয়া এনডিএৰ প্ৰতিবেদন নহয়; ই সংসদৰ প্ৰতিবেদন।" 

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজ্যসভাত উত্থাপন কৰা আৰু লোকসভাত দাখিল কৰা প্ৰতিবেদনত সকলো মতানৈক্যৰ প্ৰতিবেদন অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে পৰৱৰ্তীয় সময়ত এই বিতৰ্ক সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদনত বিৰোধীৰ মতানৈক্যৰ টোকাসমূহ অন্তৰ্ভুক্ত কৰিলে তেওঁৰ দলৰ কোনো বিৰোধিতা নাই।

তেওঁ কয়, বিৰোধীৰ একাংশ সদস্যই তেওঁলোকৰ মতামত সম্পূৰ্ণৰূপে (ৱাকফ জেপিচিৰ প্ৰতিবেদনত) অন্তৰ্ভুক্ত নোহোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। মই মোৰ দলৰ হৈ ক’ব বিচাৰো যে বিৰোধীৰ উদ্বেগ বিবেচনা কৰিলে যিকোনো কথা যোগ হ’ব পাৰে, মোৰ দলৰ কোনো আপত্তি নাই।’

ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত জেপিচিৰ অধ্যক্ষ হৈ থকা বিজেপি সাংসদ জগদাম্বিকা পালে শ্বাহৰ আশ্বাসৰ পিছতো বিৰোধীয়ে ৱাক আউট কৰাৰ পদক্ষেপক লৈ প্ৰশ্ন উত্থাপন কৰে। 

 

ৰাজ্যসভা লোকসভা ৱাকফ