মোডীৰ নেতৃত্বত ভাৰতে জটিল বিষয়তো স্থিতি লোৱাৰ সাহস কৰে: জে পি নাড্ডা

বিজেপি সভাপতি জে পি নাড্ডাই বুধবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতে জটিল বিষয়তো স্থিতি লোৱাৰ পৰা আঁতৰি নাথাকে।
মোডীৰ নেতৃত্বত ভাৰতে জটিল বিষয়তো স্থিতি লোৱাৰ সাহস কৰে: জে পি নাড্ডা

ডিজিটেল ডেস্ক: বিজেপি সভাপতি জে পি নাড্ডাই বুধবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতে জটিল বিষয়তো স্থিতি লোৱাৰ পৰা আঁতৰি নাথাকে। তেওঁ কয় যে বিশ্বই ভাৰতক চোৱাৰ ধাৰণা সলনি কৰিছে মোডীয়ে।

"মোডী: শ্বেপিং এ গ্লোবেল অৰ্ডাৰ ইন ফ্লাক্স" নামৰ কিতাপখন উন্মোচন কৰি নাড্ডা এই মন্তব্য কৰে। তেওঁ লগতে কয় যে ভাৰত চৰকাৰৰ পূৰ্বৰ নেতাসকলে ঘৰুৱা ভোট বেংকৰ ৰাজনীতিৰ বাবে ইজৰাইল ভ্ৰমণ কৰিবলৈ আগতে "সাহস" কৰা নাছিল।

কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ইজৰাইলৰ লগতে পেলেষ্টাইনৰ লগতো সম্পৰ্ক উন্নত হৈছে ভাৰতৰ। ইয়ে দেখুৱায় যে ভাৰতে দুখন পৃথক দেশক সৰ্বশ্ৰেষ্ঠ ধৰণে চম্ভালিবলৈ সক্ষম।

তেওঁ কয় যে, "মোডীজী শাসনলৈ অহাৰ আগতে ভাৰতৰ প্ৰতিচ্ছবি কি আছিল সেয়া বুজি পোৱাটো প্ৰয়োজনীয়। অৰ্থনীতি হ্ৰাস পাইছিল, ভাৰতৰ এখন দুৰ্নীতিগ্ৰস্ত ৰাজ্য, বাৰে বাৰে সন্ত্ৰাসবাদী আক্ৰমণ ঘটিছিল। প্ৰধানমন্ত্ৰীয়ে প্ৰায় সকলো চুবুৰীয়া দেশ ভ্ৰমণ কৰে আৰু সম্পৰ্ক শক্তিশালী কৰে বুলি নাড্ডাই কয়।

মোডীৰ নেতৃত্বত ভাৰতে জটিল বিষয়তো স্থিতি লোৱাৰ সাহস কৰে: জে পি নাড্ডা
শিলচৰত পৰকীয়া প্ৰেমৰ বিষম পৰিণতি! স্বামীক হত্যা পত্নীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in