Advertisment

১৪ টা সংশোধনীৰ সৈতে ৱাকফ সংশোধনী বিধেয়কত অনুমোদন জে পি চিৰ

সোমবাৰে যুটীয়া সংসদীয় সমিতিয়ে ৱাকফ সংশোধনী বিধেয়কৰ খচৰাত অনুমোদন জনাইছে। এই খচৰাত বিজেপি নেতৃত্বাধীন এন ডি এ সদস্যসকলে প্ৰস্তাৱ কৰা ১৪ টা সংশোধনী অন্তৰ্ভুক্ত আছে।

author-image
Asomiya Pratidin
New Update
১৪ টা সংশোধনীৰ সৈতে ৱাকফ সংশোধনী বিধেয়কত অনুমোদন জে পি চিৰ

ডিজিটেল ডেস্কঃ সোমবাৰে যুটীয়া সংসদীয় সমিতিয়ে ৱাকফ সংশোধনী বিধেয়কৰ খচৰাত অনুমোদন জনাইছে। এই খচৰাত বিজেপি নেতৃত্বাধীন এন ডি এ সদস্যসকলে প্ৰস্তাৱ কৰা ১৪ টা সংশোধনী অন্তৰ্ভুক্ত আছে। যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ অধ্যক্ষ জগদম্বিকা পালে নিশ্চিত কৰিছে যে এই সংশোধনীসমূহ সংখ্যাগৰিষ্ঠ ভোটৰ দ্বাৰা গৃহীত হৈছে। সমিতিৰ ১৬ জন সদস্যই সংশোধনীৰ পৰিৱৰ্তনৰ সপক্ষে আৰু ১০ জনে বিপক্ষে ভোট দিয়ে।

Advertisment

তেওঁ কয়, " বিধেয়কখনৰ ৪৪ টা সংশোধনী প্ৰণালীবদ্ধভাৱে আলোচনা কৰা হৈছে। ছয় মাহ ধৰি চলা বিতং আলোচনাৰ পিছত, আমি সকলো সদস্যৰ পৰা সংশোধনৰ প্ৰস্তাৱ বিচাৰিছিলো। এয়া আমাৰ অন্তিম বৈঠক আছিল। সংখ্যাগৰিষ্ঠ ভোটৰ দ্বাৰা ১৪ টা সংশোধনীৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। বিৰোধীয়েও সংশোধনৰ প্ৰস্তাৱ দিছিল। কিন্তু তেওঁলোক সপক্ষে ১০ টা আৰু বিপক্ষে ১৬ টা ভোটত পৰাজিত হৈছে।"

ৱাকফ সংশোধনী বিধেয়কখনত ১৯৯৫ চনৰ ৱাকফ আইনৰ পুনৰ্গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। এই আইনে ভাৰতত ৱাকফ সম্পত্তিৰ ব্যৱস্থাপনাক নিয়ন্ত্ৰণ কৰে।এই বিধেয়কখনৰ প্ৰসংগ উত্থাপনৰ লগে লগে দেশজুৰি বিতৰ্ক আৰম্ভ হৈছিল।

বিৰোধীয়ে দাবী কৰিছে এই বিধেয়কখনে সংখ্যালঘু মুছলমানসকলৰ অধিকাৰ হ্ৰাস কৰিব আৰু  ভাৰতৰ ফেডাৰেল গাঁথনিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব। বিজেপি সাংসদ অপৰজিতা সাৰংগীয়ে জনোৱা মতে বিৰোধীয়ে চৰকাৰৰ ৪৪ টা প্ৰস্তাৱৰ ভিতৰত ৪৩ টা সংশোধনৰ প্ৰস্তাৱ দিছিল।

তেওঁ উল্লেখ কৰে যে জেপিচিয়ে এই বৈধয়কখনৰ সন্দৰ্ভত মুঠ ৩৪ খন বৈঠকত বহিছিল। য'ত ১০৮ ঘণ্টা ধৰি২৮৪ জনতকৈও অধিক অংশীদাৰৰ সৈতে আলোচনা কৰা হৈছিল। চাৰংগীয়ে আৰু কয়, "ৱাকফ (সংশোধনী) বিধেয়কৰ জেপিচি বৈঠক অতি গণতান্ত্ৰিক ভাৱে অনুষ্ঠিত হৈছিল। অধ্যক্ষ জগদম্বিকা পালে সকলোকে তেওঁলোকৰ মতামত প্ৰকাশ কৰাৰ সুযোগ দিছে। বিৰোধী আৰু শাসকীয় দলৰ প্ৰস্তাৱসমূহ আলোচনা কৰা হৈছিল আৰু ভোটৰ ব্যৱস্থা কৰা হৈছিল।

বিজেপি সাংসদ সঞ্জয় জয়ছৱালে এই সন্দৰ্ভত কয়, সমিতিখনে বৈঠকত সকলো বিষয় সুশৃংখলভাৱে আলোচনা কৰিছিল। কিন্তু বিৰোধী সদস্যসকলে বিধেয়কখনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কিছুমান নিয়মৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছিল।

শাসকীয় দলৰ নেতাৰ এনে মন্তব্যৰ বিপৰীতে বিৰোধীয়ে জেপিচিৰ অধ্যক্ষকে ধৰি ইয়াৰ পৰিচালনা প্ৰক্ৰিয়াক সমালোচনা কৰিছে। বিৰোধীয়ে দাবী কৰিছে তেওঁলোকক মতপ্ৰকাশৰ উচিত সুযোগ দিয়া হোৱা নাছিল। সঠিক আলোচনা অবিহনে সংশোধনীসমূহৰ প্ৰস্তাৱ দিয়া হৈছে।

তৃণমূল কংগ্ৰেছৰ সাংসদ কালিন বেনাৰ্জীয়ে জেপিচিৰ অধ্যক্ষই গণতান্ত্ৰিক ব্যৱস্থাক অৱজ্ঞা কৰাৰো অভিযোগ উত্থাপন কৰিছে। তেওঁ কয়, ''তেওঁলোকে (চৰকাৰী পক্ষই) পৰিকল্পনা  অনুসৰি সকলোবোৰ কৰিছে। আমাক কথা ক’বলৈ সুযোগ দিয়া নাই। কোনো নিয়ম বা প্ৰক্ৰিয়া অনুসৰণ কৰা হোৱা নাই। গণতন্ত্ৰৰ বাবে আজিৰ দিনটো অন্ধকাৰৰ দিন।”

কংগ্ৰেছৰ সাংসদ নাছিৰ হুছেইনে দাবী কৰি কয়, জেপিচি আলোচনাত অংশগ্ৰহণ কৰা বেছিভাগেই বিধেয়কৰ বিৰুদ্ধে আছিল। আনহাতে সমাজবাদী পাৰ্টিৰ সাংসদ মহিবুল্লা হুছেইনে সমগ্ৰ প্ৰক্ৰিয়াটোক "গণতন্ত্ৰৰ উপহাস" বুলি অভিযোগ কৰিছে।তেওঁ কয়, গোটেই প্ৰক্ৰিয়াটো যিধৰণে সমাপ্ত হৈছে সেয়া ধেমেলী যেনহে লাগিছে। এই বিধেয়কখন ৱাকফৰ বাবে লাভজনক নহ'ব।"

শিৱসেনাৰ (ইউবিটি) সাংসদ অৰবিন্দ সাৱন্তেও একেই উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে সংশোধনীসমূহ প্ৰত্যক্ষ ভোটৰ দ্বাৰা প্ৰস্তাৱিত হৈছে, কিন্তু কোনো তথ্যগত আলোচনা হোৱা নাই। 

ৱাকফ