অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ ১০ বছৰ পাছত বিশেষ আদালতৰ ৰায়দান...

অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ গোচৰৰ অভিযুক্ত সুৰয পাঞ্চালিক দোষমুক্ত ঘোষণা আদালতৰ।

author-image
Asomiya Pratidin
New Update
অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ ১০ বছৰ পাছত বিশেষ আদালতৰ ৰায়দান...

ডিজিটেল ডেস্কঃ অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ গোচৰৰ অভিযুক্ত সুৰয পাঞ্চালিক দোষমুক্ত ঘোষণা আদালতৰ। শুকুৰবাৰে মুম্বাইৰ চিবিআইৰ এখন বিশেষ আদালতে এই ৰায় প্ৰদান কৰে।

Advertisment

 ২০১৩ চনৰ ৩ জুনত জিয়াৰ মৃতদেহ তেওঁৰ মুম্বাইৰ জুহুস্থিত ঘৰৰ চিলিং ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছিল। তাৰপাছতে তদন্তৰ সময়ত ৭ জুনত জিয়াৰ ঘৰৰ পৰা ৬ পৃষ্ঠাৰ এখন চুইচাইড নোট উদ্ধাৰ হৈছিল।

চুইচাইড নোটৰ আধাৰত সূৰজ নামৰ এজন যুৱকক অভিযুক্ত বুলি ধৰা হৈছিল। চিবিআইয়ে কৈছে যে চুইচাইড নোটত জিয়া আৰু সুৰযৰ অন্তৰংগ মুহুৰ্তৰ লগতে জিয়াৰ সুৰযে চলোৱা শাৰীৰিক, মানসিক নিৰ্যাতনৰ বিষয়ে উল্লেখ আছিল।

১ জুলাই ২০১৩ ত সুৰয পঞ্চোলীক জামিন প্ৰদান কৰা হৈছিল। কিন্তু জিয়াৰ মৃত্যুৰ বাবে তেওঁৰ মাতৃ ৰাবিয়া খানে সুৰযক দোষাৰোপ কৰিছিল আৰু হত্যাৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পাছতেই এই গোচৰৰ তদন্ত চিবিআইয়ে কৰিছিল আৰু কৈছিল যে সুৰযে জীয়াক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰিছিল।

তাৰপাছতে এই গোচৰৰ শুনানি আদালতত চলি আছিল। ২০২৩ চনৰ ইয়াৰ শুনানি শেষ হৈছিল আৰু আজি ইয়াৰ ওপৰত ৰায়দান কৰে আদালতে। ঘটনাৰ ১০ বছৰ পাছত আদালতে ৰায়দানত কয় যে সুৰয পাঞ্চালী দোষমুক্ত।

Also Read: গুৱাহাটী পৌৰ নিগমৰ আপৰ পাৰিষদ মাছুমা বেগমৰ গুৱাহাটীবাসীলৈ কৃতজ্ঞতা

jiya khan