ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছত কেৰিয়াৰৰ সফল সামৰণি ভাৰতীয় ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ...

author-image
Asomiya Pratidin
New Update
ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছত কেৰিয়াৰৰ সফল সামৰণি ভাৰতীয় ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ...

ডিজিটেল ডেস্ক : ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছ, কেৰিয়াৰৰ অন্তিম খেলত জয় লাভ আৰু আন্ত:ৰাষ্ট্ৰীয় এদিনীয়া শৃংখলাত ইংলেণ্ডক হুৱাইট ৱাশ্ব । এগৰাকী ক্ৰিকেটাৰে ইয়াতকৈ বেছি কি আশা কৰিব পাৰে নিজৰ খেলুৱৈ জীৱনৰ অন্তিম খন খেলত... এই সকলোৰে মাজতেই নিজৰ দুটা দশক জোৰা বৰ্ণিল কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অভিজ্ঞ আৰু জ্যেষ্ঠ খেলুৱৈ ঝুলন গোস্বামীয়ে ।

Advertisment

ভাৰতৰ হৈ ২০৪ খন এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা ঝুলন গোস্বামী হৈছে মহিলা আন্ত:ৰাষ্ট্ৰীয় এদিনীয়াত সৰ্বাধিক উইকেট দখলকাৰী ।

২০০২ চনৰ ১৪ ফেব্ৰুৱাৰীত ভাৰতীয় ক্ৰিকেট দলৰ হৈ আত্মপ্ৰকাশ কৰা ঝুলন গোস্বামীৰ কেৰিয়াৰৰ অন্তিমখন খেলো আছিল ইংলেণ্ডৰ বিৰুদ্ধেই । ২০ বছৰীয়া খেলুৱৈ হিচাপে আৰম্ভ কৰা এই যাত্ৰা আহি থমকিল ৩৯ বছৰ বয়সত । এই সুদীৰ্ঘ সময়ছোৱাত ভাৰতীয় দললৈ খেলুৱৈ গৰাকীৰ অৱদান অনন্য । ঝুলন গোস্বামীৰ সহযোগতেই ২০০৬-০৭ৰ টেষ্ট শৃংখলাত ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথম বাৰৰ বাবে হৰুৱাবলৈ সক্ষম হৈছিল ইংলেণ্ডক । এই শৃংখলাত নৈশ প্ৰহৰী ৰূপে কেৰিয়াৰৰ প্ৰথমখন টেষ্টতেই অৰ্ধ শতক কৰিছিল খেলুৱৈ গৰাকীয়ে । ইয়াৰ উপৰিও দুয়োটা ইনিংছত ৭৮ ৰানত সৰ্বমুঠ ১০টা উইকেট দখল কৰিছিল পেচ বলাৰ গৰাকীয়ে ।

এই সফল কেৰিয়াৰৰ পৰিসমাপ্তি ঘটাই ১৫,১৮৭ গৰাকী দৰ্শকৰ সন্মুখত বিদায় মাগে ঝুলন গোস্বামীয়ে । ইয়াৰ উপৰিও, দুয়োটা দলেই গাৰ্ড অৱ অনাৰৰ জৰিয়তে খেলুৱৈ গৰাকীক প্ৰদৰ্শন কৰে সন্মান ।

cricket jhulan goswami india