ধাৰাসাৰ বৰষুণত ভূমিস্খলন আৰু বানপানীঃ ৬ দিনলৈ বন্ধ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ

জম্মু কাশ্মীৰৰ ৰামবান জিলাত মুষলধাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ ছয় দিন ধৰি বন্ধ থাকিব বুলি NHAI-এ জানিবলৈ দিছে।

author-image
Tushar Pratim
New Update
ধাৰাসাৰ বৰষুণত ভূমিস্খলন আৰু বানপানীঃ ৬ দিনলৈ বন্ধ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ ৰামবান জিলাত মুষলধাৰ বৰষুণৰ ফলত সোমবাৰে হোৱা ভূমিস্খলন আৰু বানৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ ছয় দিন ধৰি বন্ধ থাকিব বুলি ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ (NHAI) জানিবলৈ দিয়ে। এই বিপৰ্যয়ত বৰ্তমান পৰ্যন্ত ৩ জনৰ মৃত্যু ঘটিছে। ইয়াৰ ভিতৰত আছে ২ গৰাকী শিশুও। 

Advertisment

পথটো ভূমিস্খলনৰ কৱলত পৰাত প্ৰায় ৩০০ খন যানবাহন বিভিন্ন স্থানত আৱদ্ধ হৈ আছে। এই পৰ্যন্ত উদ্ধাৰকাৰীয়ে ৩৫০ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে বুলিও জানিব পৰা গৈছে। 

NHAI-ৰ প্ৰজেক্ট ডাইৰেক্টৰ পুৰুষোত্তম কুমাৰ শৰ্মাই এই সন্দৰ্ভত কয়,  “ভূমিস্খলনৰ ফলত পথটো একেবাৰে ধ্বংস হৈ গৈছে আৰু বহু ঠাইত ২০ ফুটৰো অধিক পাহাৰৰ মাটিয়ে দোৱালৰ দৰে আৱৰি ধৰিছে। বিশেষকৈ চেৰী পৰা মৰগলৈ ৪ কিলোমিটাৰৰ অঞ্চলৰ পথৰ পৰিস্থিতি অতি জটিল।”

তেওঁ আৰু কয়, প্ৰধান মেকানিকেল যন্ত্ৰবোৰ পাহাৰৰ মাটিৰ তলত কবৰত পৰাৰ দৰে পৰি আছে। ব্যক্তিগত ঠিকাদাৰৰ পৰা মেচিনৰী ভাড়ালৈ আনি ২০ টাকৈ স্থানত একেলগে কাম চলাই থকা হৈছে। 

জানিবলৈ পৰা মতে এনে বিপৰ্যয়ৰ ফলত পৰ্যটকৰ দলো আৱদ্ধ হৈ পৰিছে। খবৰ অনুসৰি বহু যাত্ৰীয়ে বাহনেৰে আগলৈ যাত্ৰা কৰিব নোৱাৰি খোজেৰেই আগবাঢ়িছে। তাৰ ভিতৰত আছে নৱ-দম্পত্তিও। তেওঁলোকে প্ৰায় ৬ কিলোমিটাৰ খোজ কাঢ়ি আন পথত উঠি গন্তব্যস্থানলৈ আগবাঢ়িছে। 

অন্যফালে, মোগল ৰোড বৰ্তমানেও সুৰক্ষিত হৈ থকাৰ লগতে এই পথত যাতায়ত অব্যাহত হৈ থকাত আৱদ্ধ বহু যাত্ৰীৰ বাবে সহায়ক হৈ পৰিছে। যোৱা ১৫ এপ্ৰিলত মোগল ৰোডৰ এটা ছাইড খুলি দিয়া হৈছিল।

অৱশ্যে ১৮ এপ্ৰিলত বতৰৰ প্ৰতিকুলতাৰ বাবে পুনৰ বন্ধ কৰি দিয়া হৈছিল। তাৰ মাজেই BRO-এ তৎপৰতাৰে কাম কৰি এই পথ পুনৰ চলাচলযোগ্য কৰি তুলিছে। 

কেন্দ্ৰই ইতিমধ্যে এই পথত এটা সুৰংগ নিৰ্মাণৰো কথা ঘোষণা কৰিছে। যাতে বছৰৰ সকলো সময়তে অসুবিধা অবিহনে যাতায়ত ব্যৱস্থা অব্যাহত থাকে। 

 

ভূমিস্খলন ৰাষ্ট্ৰীয় ঘাইপথ জম্মু কাশ্মীৰ